অসম

assam

ETV Bharat / city

বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন - Akhil Gogoi suspended from assembly

কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এক প্ৰশ্নকলৈ সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi) । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অনুৰোধ প্ৰত্যাখান কৰি সদনত একে পৰিবেশ অব্যাহত ৰাখিছিল বিধায়কগৰাকীয়ে । যাৰবাবে অধ্যক্ষগৰাকীয়ে গগৈক নিলম্বন কৰি মাৰ্চেল লগাই সদনৰ পৰা বাহিৰ কৰে(Assam Legislative Assembly 2022) ৷

Mla Akhil Gogoi suspended from Assembly session
বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন

By

Published : Sep 14, 2022, 11:39 AM IST

Updated : Sep 14, 2022, 1:37 PM IST

গুৱাহাটী, 14 ছেপ্টেম্বৰ: বুধবাৰে প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয় বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয়টো দিন (Assam assembly autumn session) । বিধানসভাৰ শৰৎ কালীন অধিৱেশনৰ তৃতীয়টো দিনটো পুৱা প্ৰশ্নোত্তৰ শিতান চলি থকাৰ সময়তে বিৰোধী বিধায়কসকলে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এক প্ৰশ্নকলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

বিৰোধী বিধায়কসকলৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে নিদিয়া বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । অখিল গগৈয়ে শিৱসাগৰ জিলাত চৰকাৰী স্কুল বন্ধ কৰাকলৈ সদনত প্ৰশ্ন উত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । শিৱসাগৰ জিলাই গুণোৎসৱত প্ৰথম স্থান পোৱাৰ পিছতো জিলাখনত থকা 87 খন চৰকাৰী স্কুল বন্ধ কৰা বুলি সদনত প্ৰশ্ন উত্থাপন কৰি বিধায়ক সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে অখিল গগৈয়ে ।

বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন

সদনত সদনৰ নিয়ম বৰ্তাই ৰখাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক অনুৰোধ কৰে (Assam Assembly Speaker Biswajit Daimary) । পিছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক সদনত বিধায়কৰ ভূমিকা পালনৰ বাবে সকীয়নি দিয়ে । অৱশেষত বিধানসভাৰ নিয়ম ভংগ কৰাৰ অভিযোগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক প্ৰশ্নোত্তৰ শিতানৰ সময়ছোৱাৰ বাবে সদনৰ পৰা নিলম্বন কৰি মাৰ্চেল লগাই অখিল গগৈক সদনৰ বাহিৰ কৰি দিয়ে (Akhil Gogoi suspended from assembly session)।

লগতে পঢ়ক:বৃহস্পতিবাৰে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠনৰে শান্তি আলোচনাত বহিব হিমন্ত বিশ্ব শৰ্মা

Last Updated : Sep 14, 2022, 1:37 PM IST

ABOUT THE AUTHOR

...view details