অসম

assam

ETV Bharat / city

২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ লক্ষ্য "মিছন-৮০" - বিধানসভা

আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমত বিভিন্ন ৰাজনৈতিক দলৰ লগতে কংগ্ৰেছ দলে ইতিমধ্যে তঙালি বান্ধিছে ৷ বিজেপি দলক পৰাজিত কৰিবলৈ মহাজোটবন্ধনৰ কংগ্ৰেছে প্ৰচেষ্টা চলাইছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷

Mission 80 in 2021 Election Said By Congress Leader Ripun Bora
২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ লক্ষ্য "মিছন-৮০"

By

Published : Aug 2, 2020, 6:32 PM IST

গুৱাহাটী, ২ আগষ্টঃ ২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ লক্ষ্য "মিছন-৮০" । ই টিভি ভাৰতৰে দেওবাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই । তেওঁ আৰু কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত নিশ্চিতভাবে নতুন মুখ-নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দিব । আনহাতে, বিজেপিবিৰোধী শক্তিসমূহ একত্ৰিত কৰি মহাজোটবন্ধনৰ বাবে কংগ্ৰেছে প্ৰচেষ্টা চলাই থকাৰ কথাও তেওঁ প্ৰকাশ কৰে । অৱশ্যে এই জোটবন্ধনত কোন কোন থাকিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

২০২১ ৰ বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছৰ লক্ষ্য "মিছন-৮০"
এ আই ইউ ডি এফৰে মিত্ৰতা প্ৰসংগতো কোনো ধৰণৰ স্পষ্ট উত্তৰ নিদি সভাপতিগৰাকীয়ে কৌশলেৰে বিষয়টো এৰাই চলে । ইপিনে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আগন্তুক নিৰ্বাচনৰ আগে আগে সলনি হব পাৰে বুলি শেহতীয়াকৈ ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হোৱাৰ সময়তে এই বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিগত সময়চোৱাত সভাপতি হিচাপে তেওঁ দলটোৰ বাবে যিখিনি কৰিছে তালৈ লক্ষ্য কৰি দলৰ হাইকমাণ্ডে এনেকুৱা সময়ত তেনে এক সিদ্ধান্ত গ্ৰহণ নকৰে বুলিয়েই তেওঁ বিশ্বাসী । অৱশ্যে নিৰ্বাচনৰ পূৰ্বে হাইকমাণ্ডে এজন বা দুজন কাৰ্যকৰী সভাপতি নিযুক্তি দিয়াৰ সম্ভাৱনীয়তা তেওঁ নাকচ নকৰিলে ।লগতে পঢ়ক- ৰাষ্ট্ৰপতি নিৰ্বাচন স্থগিতকৰণৰ বাবে ট্ৰাম্পৰ চেষ্টা সফল হোৱাৰ সম্ভাৱনা ক্ষীণ

ABOUT THE AUTHOR

...view details