অসম

assam

ETV Bharat / city

মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব - Mira Borthakur is new President of Assam Pradesh Mahila Congress

ৰাজ্যত মহিলাসকলৰ মাজত কংগ্ৰেছৰ ভেটি টনকিয়াল কৰাৰ লক্ষ্য়ৰে আন এক পদক্ষেপ । মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব অৰ্পন(Mira Borthakur appointed as president of Assam Pradesh Mahila Congress) ।

Mira Borthakur is new President of Assam Mahila Congress
মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব

By

Published : Mar 23, 2022, 12:45 PM IST

গুৱাহাটী,২২ মাৰ্চ: অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব দিয়া হৈছে মীৰা বৰঠাকুৰক(Mira Borthakur is new President of Assam Pradesh Mahila Congress) । এক বিবৃত্তি যোগে এই কথা জনাইছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী হিচাপে নিযুক্তি প্ৰদান কৰে ।

মীৰা বৰঠাকুৰক অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্ব

নতুন দায়িত্ব লাভ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মীৰা বৰঠাকুৰে কয় ‘‘মোক এই গধুৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে দলৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দৰ ওচৰত মই চিৰকৃতজ্ঞ । মোৰ বিশ্বাস দলৰ নেতৃত্বৰ পৰামৰ্শ তথা দলৰ আদৰ্শ আগত ৰাখি অসম আৰু অসমীয়াৰ ক্ষতি নোহোৱাকৈ দলটোক শক্তিশালী কৰি মাতৃ সমাজক প্ৰতিনিধিত্ব কৰিবলৈ সংকল্পবদ্ধ হৈ কাম কৰাৰ প্ৰতিশ্ৰুতিৰে সকলোৰে দিহা পৰামৰ্শ ও আশীৰ্বাদ বিচাৰিছোঁ’’ ৷

উল্লেখ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে বিজেপিৰ পৰা বহিষ্কৃত হোৱাৰ পাছত মীৰা বৰঠাকুৰে কংগ্ৰেছত যোগদান কৰিছিল । বিগত বিধানসভা নিৰ্বাচন(Assam Assembly Election 21)ত তেওঁ কংগ্ৰেছৰ হৈ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।

লগতে পঢ়ক:অথন্তৰ : ওলোটাকৈ দলীয় পতাকা উত্তোলন কৰিলে আঙুৰলতা ডেকাই

For All Latest Updates

ABOUT THE AUTHOR

...view details