অসম

assam

By

Published : Oct 26, 2019, 5:55 PM IST

ETV Bharat / city

এইবাৰ ড্ৰাগছৰ সৰবৰাহত লিপ্ত হৈছে কিশোৰী

অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত শেহতীয়াকৈ গা-কৰি উঠিছে ড্ৰাগছৰ চোৰাং বেহাই ৷ এটা শক্তিশালী চোৰাং ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই এইবাৰ লক্ষ্য কৰি লৈছে কিশোৰীক ৷ শনিবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত এগৰাকী কিশোৰীৰ পৰা 30 লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৰেলৱে আৰক্ষীয়ে ৷

ড্ৰাগছৰ সৰবৰাহত লিপ্ত হৈ পৰিছে কিশোৰী

গুৱাহাটী, 26 অক্টোবৰঃঅপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত গা-কৰি উঠিছে চোৰাং ড্ৰাগছৰ এখন বৃহৎ বজাৰ ৷ নাগালেণ্ডৰ পৰা নিয়ন্ত্ৰিত হোৱা এই ড্ৰাগছৰ চোৰাং বজাৰখনত শেহতীয়াকৈ জড়িত হৈ পৰিছে একাংশ কিশোৰ-কিশোৰী ৷

উদ্ধাৰ হোৱা ড্ৰাগছখিনি

লগতে পঢ়কঃ নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

গুৱাহাটীৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে ড্ৰাগছ,আৰু ইয়াৰ বাবে গুৱাহাটী ৰেলৱে ষ্টেচনক যোগসূত্ৰ কৰি লৈছে ড্ৰাগছ ব্যৱসায়ীসকলে ৷ বিগত বৰ্ষৰ লগতে চলিত বৰ্ষটো গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা জব্দ হৈছে কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ আটাইতকৈ উদ্বেগজনক কথাটো হৈছে আৰক্ষীৰ চকুৰ পৰা হাত সাৰিবলৈ ড্ৰাগছ সৰবৰাহৰ বাবে ইয়াৰ অন্তৰালত থকা চক্ৰটোৱে জড়িত কৰাইছে একাংশ কিশোৰ-কিশোৰীক ৷ শনিবাৰে পুনৰ গুৱাহাটী ৰেলৱে আৰক্ষীয়ে ষ্টেচনৰ পৰাই জব্দ কৰে 30 লক্ষাধিক মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে নামনিমুৱা কামৰূপ এক্সপ্ৰেছত এগৰাকী কিশোৰীৰ পৰা 12 হাজাৰ নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷ ডিমাপুৰৰ পৰা পশ্চিমবংগৰ মালদালৈ নিবলৈ এইদৰে কিশোৰীৰ হতুৱাই চক্ৰটোৱে প্ৰেৰণ কৰিছিল ড্ৰাগছখিনি ৷

গুৱাহাটী ষ্টেচনত ড্ৰাগছ জব্দ


লগতে পঢ়কঃ চৰকাৰী প্ৰহসনত পৰিণত বৰপেটাৰ আতচবাজী গাঁও

অপৰাধীৰ ঘাটিলৈ পৰিণত হোৱা গুৱাহাটী মহানগৰীত শেহতীয়াকৈ গা-কৰি উঠিছে নিষিদ্ধ ড্ৰাগছৰ এটা শক্তিশালী চক্ৰই ৷ নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ সৈতে চক্ৰটোৱে জড়িত কৰাইছে কিশোৰীক ৷ শনিবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ হোৱা ড্ৰাগছখিনিয়ে এই কথা পুনৰবাৰ প্ৰমাণ কৰি তুলিছে ৷ অৱশ্যে ৰেলৱে আৰক্ষী নিশিদ্ৰ পহৰা তথা তালাচীৰ বাবে বহুসময়ত এইসমূহ চক্ৰ উৎখাত হৈ আহিছে যদিও বহু পৰিমাণৰ ড্ৰাগছ ধৰা নপৰাকৈয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছে ৷

ABOUT THE AUTHOR

...view details