গুৱাহাটী,13 জুলাই : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মঙলবাৰে জনতা ভৱনৰ পৰা জিলা উপায়ুক্ত সকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে 'জল জীৱন মিছন' সন্দৰ্ভত এক পৰ্যালোচনা সভাত অংশ লয় । মন্ত্ৰী দাসে জিলা সমূহত ৰূপায়ণ হৈ থকা 'জল জীৱন মিছন'ৰ কাম-কাজ পৰ্যালোচনা কৰি জিলা উপায়ুক্তসকলক নিজ নিজ জিলাত প্রতিদিনে কিমান পানী যােগান আঁচনিৰ সংযােগ প্রদান কৰিছে, তাৰ সঠিক তথ্য প্রদান কৰিবলৈ নির্দেশ দিয়ে । এই তথ্য সমূহৰ ওপৰত ভিত্তি কৰি সমগ্ৰ অসমত এদিনত মুঠ কিমান বিশুদ্ধ খোৱাপানীৰ সংযােগ দিয়া হ'ল, তাক এতিয়াৰে পৰা নিৰীক্ষণ কৰা হ'ব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে ।
তেওঁ লগতে কয় যে "জলজীৱন মিছন আঁচনি" হয়তাে এদিন সমাপ্ত হ'ব, কিন্তু ইয়াক আগ্রহ আৰু আন্তৰিকতাৰে লালিত-পালিত কৰি গ্ৰাম্য জনসাধাৰণ আৰু পঞ্চায়তৰ প্রতিনিধি সকলে পৰিচালনা কৰি থাকিব লাগিব । যিহেতু "জলজীৱন মিছন"কেৱল পানী যােগান আঁচনিয়েই নহয় এইয়া এক বিশুদ্ধ খােৱা পানী যােগান আঁচনি । জনসাধাৰণ আৰু পঞ্চায়ত প্রতিনিধি সকলৰ মাজত জল জীৱন মিছন সন্দৰ্ভত অধিক সজাগতাৰ সৃষ্টি কৰিবৰ বাবে জিলা উপায়ুক্ত সকলক মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে ।