অসম

assam

ETV Bharat / city

জলসম্পদ বিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ - অমৃত মহোৎসৱ

জলসম্পদ বিভাগৰ সকলো কাৰ্যালয় চৌহদত গছপুলি ৰোপণ কৰিব বিভাগে । বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ বাবে বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ ।

Minister Piyush Hazarika launches sapling plantation programme of water resources department
মন্ত্ৰী পীযুষ হাজৰিকা

By

Published : Aug 26, 2021, 9:38 AM IST

গুৱাহাটী, 26 আগষ্ট :স্বাধীনতাৰ হীৰক জয়ন্তী (অমৃত মহোৎসৱ) উপলক্ষে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানমৰ্মে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বৰ্তমান বৰ্ধিত গোলকীয় উষ্ণতা আৰু ভূমি সংৰক্ষণৰ বাবে গছ ৰোপণ খুবেই গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক সমগ্ৰ অসমজুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায় ।

গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ

মন্ত্ৰীগৰাকীয়ে কয় যে, আমি যদি গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে সচেতন নহও, তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব । গছপুলি ৰোপণৰ আগমুহুৰ্তত অনুষ্ঠিত বিভাগীয় সভাত মন্ত্ৰীগৰাকীয়ে কয়- বিগত দুটা বছৰত তেওঁ নিজৰ পৰিয়াল আৰু সমষ্টিৰ অনুগতসকলৰ সৈতে জাগীৰোড সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত 6 হাজাৰ গছপুলি ৰোপণ কৰিছিল ৷ তাৰে এজাহাৰ নষ্ট হোৱাত এইবাৰ পুনৰ ৰোপণ কৰা হৈছে ।

গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰিকাৰ

আনহাতে জলসম্পদ বিভাগৰ হাতত অসমৰ এক ডাঙৰ সমস্যা বান-খহনীয়াৰ সমাধানৰ দায়িত্ব ন্যস্ত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় । গছপুলি ৰোপণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা, অতিৰিক্ত মুখ্য অভিযন্তাকে ধৰি বিভাগীয় আন বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক:অসম-মেঘালয় সীমান্তৰ উমলাফেৰত উত্তেজনাময় পৰিস্থিতি

ABOUT THE AUTHOR

...view details