অসম

assam

ETV Bharat / city

লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক সমীকৰণক ভুল আখ্যা পীযুষ হাজৰিকাৰ - AJP ক সমালোচনা পীযুষ হাজৰিকাৰ

‘‘আচলতে মাজুলীত নিৰ্বাচন খেলিবলৈ যাবলৈ এ জে পিয়ে মৰসাহ কৰিবই নালাগে । তাতে আকৌ তেওঁলোকৰ প্ৰাৰ্থীজন বাহিৰৰ । সকলোৱেতো নৰেন্দ্ৰ মোদী বা ড৹ হিমন্তবিশ্ব শৰ্মা নাইবা সৰ্বানন্দ সোণোৱাল নহয় ’’ এইদৰে কৈ লুৰীণজ্যোতি গগৈক সমালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika criticize AJP) ৷

minister-pijush-hazarika-criticize-ajp
লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক সমীকৰণক ভুল আখ্যা পীযুষ হাজৰিকাৰ

By

Published : Mar 7, 2022, 5:22 PM IST

গুৱাহাটী, 7 মাৰ্চ : সোমবাৰে মাজুলীত উপনিৰ্বাচন (Majuli By Election) ৰ বাবে ভোটগ্ৰহণ চলি থকা সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই দিছপুৰত অনুষ্ঠিত হোৱা এক সংবাদমেলত শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Minister Pijush Hazarika criticizes MLA Akhil Gogoi) আৰু লুৰীণজ্যোতি গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ লগতে অসম জাতীয় পৰিষদক উদ্দেশ্যি কেতবোৰ তীৰ্যক মন্তব্য কৰে ৷

Minister Piyush Hazarika criticize AJP

লগতে এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ ‘আমানত বাজেয়াপ্ত হোৱাৰ যি ৰেকৰ্ড অসম জাতীয় পৰিষদৰ পূৰ্বতে আছিল সেই নিজৰ ৰেকৰ্ড এইবাৰ মাজুলীত অসম জাতীয় পৰিষদে নিজেই ভাঙিব’ বুলি প্ৰকাশ কৰে (Minister Pijush Hazarika criticize AJP) । আচলতে অসম জাতীয় পৰিষদ কলিতেই মৰহি গৈছে বুলিও তীৰ্যক মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

এইদৰে অসম জাতীয় পৰিষদক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, " মই ভাবো লুৰীণজ্যোতি গগৈৰ ৰাজনৈতিক সমীকৰণ বিলাক ভুল । প্ৰথম কথা তেওঁলোকে কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবই নালাগিছিল । নাজানো, এয়া কাৰোবাৰ ষড়যন্ত্ৰও হব পাৰে । অখিল গগৈৰো ষড়যন্ত্ৰ হব পাৰে । এ জে পিক ধ্বংস কৰিবলৈ । কিয়নো এটা সময়ত ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা কৰাটো পাপ বুলি লুৰিণজ্যোতি গগৈয়ে কোৱা ভিডিঅ'ও আছে । সেয়েহে তেওঁলোকে অন্ততঃ কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব নালাগিছিল । "

ইয়াৰোপৰি, "আচলতে মাজুলীত নিৰ্বাচন খেলিবলৈ যাবলৈ এ জে পিয়ে মৰসাহ কৰিবই নালাগে । তাতে আকৌ তেওঁলোকৰ প্ৰাৰ্থীজন বাহিৰৰ । সকলোৱেতো নৰেন্দ্ৰ মোদী বা ড৹ হিমন্তবিশ্ব শৰ্মা নাইবা সৰ্বানন্দ সোণোৱাল নহয় । যদি তেওঁলোকে ভাবিছে যে এওঁলোকে বাহিৰৰ পৰা গৈ কৰবাত যদি জিকি আহিব পাৰে আমি কিয় নোৱাৰিম, তেন্তে এজেপিৰ সেয়া ভুল ধাৰণা । মাজুলীত অভিলেখ সংখ্যক ভোটত বিজেপিৰ প্ৰাৰ্থীয়েই জয়ী হ’ব " বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :Assam Cabinet Decision: এতিয়াৰে পৰা অসমত নাথাকিব ‘ৰাজহ নগৰ‘

ABOUT THE AUTHOR

...view details