অসম

assam

ETV Bharat / city

'দাদা ব্ৰীগেড'ৰ কপাল ফুলাবলৈ সাজু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

'দাদা ব্ৰীগেড'ৰ কপাল ফুলাবলৈ সাজু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ 'দাদা ব্ৰীগেড'ক যিকোনো প্ৰকাৰে দলীয় প্ৰাৰ্থিত্ব দি নিৰ্বাচনত জয়ী কৰাই অনাৰ বাবে প্ৰয়োজন ব্যৱস্থা গ্ৰহণ কৰিছে মন্ত্ৰী শৰ্মাই ৷

By

Published : Feb 24, 2021, 9:58 PM IST

হিমন্তবিশ্ব শৰ্মা
হিমন্তবিশ্ব শৰ্মা

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : 'দাদা ব্ৰীগেড' ৰূপে খ্যাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একাংশ অনুগামীক আগন্তুক বিধানসভা নিৰ্বাচনত বিভিন্ন সমষ্টিৰ পৰা জয়ী কৰাই অনাৰ বাবে অংক আৰম্ভ কৰিছে স্বয়ং মন্ত্ৰীগৰাকীয়ে । হিমন্তবিশ্ব শৰ্মাৰ এই 'দাদা ব্ৰীগেড'ক যিকোনো প্ৰকাৰে দলীয় প্ৰাৰ্থিত্ব দি নিৰ্বাচনত জয়ী কৰাই অনাৰ বাবে প্ৰয়োজন সাপেক্ষে বৰ্তমানৰ একাংশ বিজেপি বিধায়ক আৰু মিত্ৰ দল অগপৰ বিধায়ককো একাষৰীয়া কৰিবলৈ সাজু হৈছে মন্ত্ৰীগৰাকী । ৰাজ্যিক বিজেপিৰ ভিতৰে বাহিৰে এতিয়া সৰ্বাধিক চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে 'দাদা ব্ৰীগেড' ।

পল্লৱলোচন দাস

দলীয় সূত্ৰৰ খবৰ মতে, ডঃ হিমন্তবিশ্ব শৰ্মাৰ অনুগামী তথা ওচৰৰ লোক বুলি পৰিচিত বহুকেইজন নেতাক বিভিন্ন সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে মন্ত্ৰীগৰাকীয়ে । এইসকলৰ ভিতৰত বিভিন্ন সমষ্টিৰ অন্যতম কেইগৰাকীমান হৈছে ৰঙাপাৰাত পল্লৱলোচন দাস, নলবাৰীত জয়ন্তমল্ল বৰুৱা, নাহৰকটীয়াত তৰংগ গগৈ, পশ্চিম গুৱাহাটীত মৃগাংক বৰ্মন, বিহালীত অশোক ভট্টৰায়, বৰছলাত কিশোৰ উপাধ্যায় আদি ।

জয়ন্তমল্ল বৰুৱা

ঠিক তেনেদৰে সৰুপথাৰত বিশ্বজিৎ ফুকন, নাজিৰাত ময়ুৰ গোহাঁই, চামগুৰিত জিতু গোস্বামী, সোনাৰিত লাচিত গগৈকে ধৰি একাংশ প্ৰাৰ্থিত্ব প্ৰয়াসীক টিকট প্ৰদানৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে 'দাদা' হিমন্তবিশ্ব শৰ্মাই ।

লগতে পঢ়ক :আলফাই ভুলবশতঃ অপহৰণ কৰা সঞ্জয়ে দিলে পণবন্দীৰ বৰ্ণনা

ABOUT THE AUTHOR

...view details