গুৱাহাটী, ৪ জানুৱাৰী: শিক্ষা বিভাগৰ সহযোগত স্বাস্থ্য বিভাগে 3 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰিছে ১৫ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ কিশোৰী, যুৱক-যুৱতীৰ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Covid vaccination for teens)। মঙলবাৰে মহানগৰীৰ কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা ক’ভিড টীকাকৰণ শিবিৰ পৰিদৰ্শন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
ক’ভিড টীকাকৰণ শিবিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, কামৰূপ মহানগৰ জিলাত ৪৫৭ খন বিদ্যালয় আছে । এই বিদ্যালয় সমূহত থকা এক লাখ ছাত্ৰ-ছাত্ৰীক আগন্তুক ১০ দিনৰ ভিতৰত প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য কৰি লোৱা হৈছে ।