গুৱাহাটী, ৩০ ডিচেম্বৰ : ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা ক্ষুদ্ৰ-সঞ্চয় প্ৰতিষ্ঠানসমূহক অৱশেষত নাকি লগোৱাৰ ব্যৱস্থা কৰিলে ৰাজ্য চৰকাৰে । সেই অনুসৰি বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা সদনত গৃহীত হয় "দ্য আছাম মাইক্ৰ'ফাইনাঞ্চ বিল ২০২০" ।
বুধবাৰে বিধানসভাত এই নতুন বিধেয়কখন গৃহীত হোৱাৰ পিছত এতিয়াৰে পৰা পঞ্জীয়ন বিহীন কোনো প্ৰতিষ্ঠানে বিত্তীয় লেনদেন কৰিব নোৱাৰিব । বিত্তীয় লেনদেনৰ বাবে পঞ্জীয়ন ব্যৱস্থা হ’ব বাধ্যতামূলক । অবৈধ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা । এই নতুন আইনখন প্ৰণয়নৰ ৩০ দিনৰ ভিতৰত ৰাজ্যৰ সকলো বিত্তীয় প্ৰতিষ্ঠানে নিজা নিজা পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব ৷