কামৰূপ, 28 মে' :ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনাই তুলসীবাৰী আৰক্ষী চকীত স্মাৰক পত্ৰ প্ৰদান কৰিলে বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাই । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৈদ্যগড় অঞ্চলতো দিনে দিনে বৃদ্ধি পাই আহিছে ড্ৰাগছ, সুৰা আদি নিচাজাতীয় সামগ্ৰীৰ প্ৰকোপ ।
এইসমূহ দ্ৰব্যৰ বাবে যুৱ প্ৰজন্মৰ এচাম এতিয়া ধ্বংসৰ গৰাহলৈ আগবাঢ়িছে যাৰ পৰিপ্ৰেক্ষিতত যুৱ প্ৰজন্মৰ এচাম লোক এতিয়া সমাজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে । নিচাযুক্ত যুক্ত দ্ৰব্য ক্ৰয় কৰাৰ বাবে চুৰি, ডকাইতিৰ দৰে জঘন্য কাৰ্যত লিপ্ত হোৱা দেখা গৈছে একাংশ যুৱচামক ।