অসম

assam

ETV Bharat / city

অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে ! - ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা

অসমৰ মুখ্য নিৰ্বাচন বিষয়া নিতিন খাড়েলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ আইন কোষৰ অধ্যক্ষ নিৰন বৰাৰ পত্ৰ ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতো মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যিক অতিথিশালা নীতি বহিৰ্ভূতভাৱে দখল কৰি আছে বুলি পত্ৰত উল্লেখ কৰে নিৰন বৰাই ৷

মুখ্যমন্ত্ৰী সোণোৱাল
মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Mar 2, 2021, 7:51 PM IST

Updated : Mar 2, 2021, 9:31 PM IST

নিউজ ডেস্ক, 2 মাৰ্চ :অসমৰ মুখ্য নিৰ্বাচন বিষয়া নিতিন খাড়েলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ আইন কোষৰ অধ্যক্ষ নিৰন বৰাৰ পত্ৰ ৷ পত্ৰৰ জৰিয়তে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজান বজাৰস্থিত ৰাজ ভৱনৰ কাষতে থকা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা নীতি বহিৰ্ভূতভাৱে দখল কৰি থকা বুলি উল্লেখ কৰে ৷ ইয়াৰ ফলত মুখ্যমন্ত্ৰী সোণোৱালে বিধানসভা নিৰ্বাচন, 2021 ৰ আচৰণ বিধি উলংঘা কৰা বুলি কোৱা হয় পত্ৰখনত ৷

পত্ৰৰ জৰিয়তে নিৰন বৰাই উল্লেখ কৰে যে, প্ৰদেশ কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ সকলো বিধি সুচাৰুৰূপে মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ৷ কিন্তু, বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেহে 27 মাৰ্চৰ পৰা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতো ৰাজ্যিক অতিথিশালা দখল কৰি আছে ৷ এয়া নিৰ্বাচনৰ আচৰণ বিধি উলংঘা কৰাৰ লগতে একাধিপত্য বিস্তাৰৰ চেষ্টা কৰা বুলি মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ আইন কোষৰ অধ্যক্ষ তথা অধিবক্তা গৰাকীয়ে ৷

এই বিষয়টোৰ ওপৰত চকু দিয়াৰ লগতে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈও পত্ৰৰ জৰিয়তে উল্লেখ কৰে নিৰন বৰাই ৷

লগতে পঢ়ক :আসন বুজাবুজিক লৈ মহাজোঁটত ‘মহাজঁট’

Last Updated : Mar 2, 2021, 9:31 PM IST

ABOUT THE AUTHOR

...view details