অসম

assam

ETV Bharat / city

আন্তঃৰাষ্ট্ৰীয় ডবা চেম্পিয়নশ্বিপৰ বাবে মনোনীত গুৱাহাটীৰ শিশু

ডবা খেলি বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ আদাবাৰী তিনিআলীৰ মায়াংক চক্ৰৱৰ্তী নামৰ এটি ১০ বছৰীয়া শিশুৱে ৷ ছাউথ পইন্ট স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মায়াংক মনোনীত হৈছে "বিশ্ব কেদেটছ ডবা চেম্পিয়নশ্বিপ 2019" প্ৰতিযোগিতালৈ ৷

চীনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ডবা চেম্পিয়নশ্বিপৰ বাবে মনোনীত গুৱাহাটীৰ কণমানি

By

Published : Aug 3, 2019, 10:52 AM IST

মায়াংক চক্ৰৱৰ্তী

গুৱাহাটী, 3 আগষ্ট : ডবা খেলি বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মহানগৰীৰ আদাবাৰী তিনিআলীৰ মায়াংক চক্ৰৱৰ্তী নামৰ এটি ১০ বছৰীয়া শিশুৱে ৷ ছাউথ পইন্ট স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মায়াংক মনোনীত হৈছে "বিশ্ব কেডেটছ ডবা চেম্পিয়নশ্বিপ 2019" প্ৰতিযোগিতালৈ ৷ ২১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ চীনত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন ৷ কিন্তু এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ মহানগৰীৰ ছাত্ৰজনে সুযোগ পোৱাৰ পিছতো সহায়ৰ হাত আগবঢ়োৱা নাই চৰকাৰে ৷ যাৰ বাবে উপযুক্ত প্ৰশিক্ষণ অবিহনে নিজৰ প্ৰস্তুতি চলাই আছে মায়াংক চক্ৰৱৰ্তীয়ে ৷ উল্লেখযোগ্য ইতিমধ্যে কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডবা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে মায়াংকে । শেহতীয়াকৈ শ্ৰীলংকাত অনুষ্ঠিত এছিয়ান য়ুথ ডবা চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মায়াংক চক্ৰৱৰ্তীয়ে ৷

ABOUT THE AUTHOR

...view details