গুৱাহাটী, ২৮ মে': অৱশেষত আৰক্ষীৰ জালত পৰে হাতীগাঁও হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড (Hatigaon murder case mastermind arrested) ৷ শনিবাৰে হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই ছয়গাঁৱৰ পৰা চুবুৰ আলী আৰু আন্না খাতুনক আটক কৰে । বিগত 24 মে’ত হাতীগাঁও ফ্ৰেইণ্ডছ পথত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । ঘৰৰ ভিতৰতে কোনো দুৰ্বৃত্তই হানি-খুঁচি হত্যা কৰি থৈ গৈছিল মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমীক (Murder case in Guwahati) ।
ঘটনা অনুসৰি, আব্দুল হক নামৰ এগৰাকী অভিযন্তাৰ ঘৰত ৰখীয়া হৈ আছিল নিহত জৈয়নুদ্দিন । বৰ্তমান আব্দুল হক কৰ্মসূত্ৰে কিছুদিনৰ বাবে হায়দৰাবাদত আছে । অভিযন্তাগৰাকী ঘৰত নথকা হেতু বিগত 12-13 দিন ধৰি ঘৰখনৰ ৰখীয়া হৈ আছিল মৃত জৈয়নুদ্দিন । বিগত সোমবাৰে নিশা ঘৰৰ পৰা প্ৰায় 11.30 বজাত অভিযন্তাগৰাকীৰ ঘৰ ৰখিবলৈ গৈছিল হাতীগাঁৱৰ এখন গেলামালৰ দোকানত কৰ্মৰত মৌলানা জৈয়নুদ্দিনে ।
আৰক্ষীৰ জালত হাতীগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ কিন্তু অতি ৰহস্যজনকভাৱে আব্দুল হকৰ ঘৰত কোনো দুৰ্বৃত্তই হত্যা কৰে মৌলানা জৈয়নুদ্দিনক ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল । এই এজাহাৰৰ ভিত্তিত হাতীগাঁও থানাত ২৪৬ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল । এই গোচৰৰ ভিত্তিতে হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই ছয়গাঁৱৰ জোৰশিমুলীত অভিযান চলাই ঘটনাৰ লগত জড়িত মহিলাসহ দুজন লোকক আটক কৰে (Main accused of Hatigaon murder case has been arrested) ৷
আটকাধীন লোক দুজন চুবুৰ আলী আৰু আন্না খাতুন বুলি আৰক্ষীয়ে জনায় ৷ উল্লেখ্য যে, আন্না খাতুন অভিযন্তা আব্দুল হকৰ ঘৰত কাম কৰিছিল ৷ ইফালে আৰক্ষীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি, বিভিন্ন ঘটনাত অভিযুক্ত চুবুৰ আলীৰ বিৰুদ্ধে বিভিন্ন থানাত কেবাটাও গোচৰ ৰুজু হৈ আছে । লগতে আৰক্ষীয়ে জনোৱা অনুসৰি আন্না খাতুনে বিভিন্ন লোকৰ ঘৰত কাম কৰিবলৈ আহোঁতেই ঘৰত মানুহ থাকে নে নাথাকে সেয়া চাই যাই স্বামী চুবুৰ আলীক খবৰ দিয়ে ৷ তাৰ পিছতে পৰিকল্পনা কৰি ডকাইতি কাৰ্যত লিপ্ত হয় ৷
লগতে পঢ়কঃহাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ; হানি-খুঁচি হত্যা জৈয়নুদ্দিন আহমেদক