গুৱাহাটী, 27 জুন: মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়কে ৰাজধানী চহৰ গুৱাহাটীত বাহৰ পাতি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে গুৱাহাটী তথা ৰাজ্যত বিশেষ চৰ্চা লাভ কৰিছে (Maharashtra political crisis) । বিগত এসপ্তাহ ধৰি মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়কে ৰাজধানী চহৰ গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে ।
'সিন্দে চাহাৱ হম আপকে চাথ হে': একনাথ সিন্দেৰ সমৰ্থনত গুৱাহাটীৰ ৰাজপথত বৃহৎ হৰ্ডিং মহাৰাষ্ট্ৰৰ দুকুৰিৰো অধিক বিসম্বাদী বিধায়ক গুৱাহাটীৰ বিলাসী হোটেলত বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰে আতিথ্য দিয়াক লৈ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এন চি পি আদি দল সংগঠনে গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুৰ প্ৰতিবাদ কৰাৰ সময়তে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ নেতা একনাথ সিন্দেৰ সমৰ্থনত গুৱাহাটীৰ ৰাজপথত বৃহৎ হৰ্ডিং স্থাপন কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে (Massive hoarding supporting Eknath Shinde has been placed on highway of Guwahati ) ।
গুৱাহাটীৰ বিলাসী হোটেল ৰেডিশ্বন ব্লুৰ (Guwahati Radisson Blue Hotel) কিছু নিলগত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত এই বৃহৎ হৰ্ডিং স্থাপন কৰা হৈছে । একনাথ সিন্দে, শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল ঠাকৰে আৰু একনাথ সিন্দেৰ (Maharashtra rebel MLA Eknath Shinde) আদৰ্শ ৰাজনীতিক তথা শিৱসেনাৰ প্ৰয়াত নেতা আনন্দ দীগেৰ ফটো সম্বলিত হৰ্ডিংখনত " সিন্দে চাহাৱ হম আপকে চাথ হে' অৰ্থাৎ "সিন্দে ডাঙৰীয়া আমি আপোনাৰ লগত আছো" এই হৰ্ডিংখন এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ।
উল্লেখ যে, ৰেডিশ্বন ব্লুত বৰ্তমান 39 গৰাকী শিৱসেনাৰ আৰু 9 গৰাকী শিৱসেনা সমৰ্থিত নিৰ্দলীয় বিসম্বাদী বিধায়কে বাহৰ পাতি আছে (MAHA rebel MLAs in Guwahati) । ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কসকলৰ তত্বাৱধানত বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সকলোধৰণৰ আতিথ্য আগবঢ়ায় আছে । মন্ত্ৰী অশোক সিংহাল, জয়ন্ত মল্ল বৰুৱা, পীয়ুষ হাজৰিকাই সঘনাই হোটেলত অহা যোৱা কৰি আছে ।
লগতে পঢ়ক:চৰকাৰী শিক্ষানুষ্ঠানতকৈ বেচৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফল ভাল হ'বই: মুখ্যমন্ত্ৰী