গুৱাহাটী, 23 জানুৱাৰীঃ আজি এক কৰুণ ঘটনাই চুই গ’ল গুৱাহাটী মহানগৰবাসীক ৷ বেলতলাৰ ৱায়াৰলেছত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ ফলত মৃত্যমুখত পৰে দুজনকৈ কণমাণি শিশু ৷
চিলিণ্ডাৰ বিস্ফোৰণ ! মহানগৰীত জীৱন্তে অগ্নিদগ্ধ দুই কণমাণি - বেলতলাৰ ৱায়াৰলেছত বিধ্বংসী অগ্নিকাণ্ড
বেলতলাৰ ৱায়াৰলেছত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জীৱন্ত দাহ হ’ল দুই শিশু ৷

অগ্নিকাণ্ডত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল দুই শিশু ৷ মৃত্যু হোৱা দুই শিশু দুটি হৈছে ক্ৰমে ঈশান গোস্বামী আৰু ইবান গোস্বামী । শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত অধ্যয়নৰত আছিল দুই শিশু ৷ দুয়ো শিশুৰো বয়স আছিল ক্ৰমে 8 আৰু 3 বছৰ ।
বৃহস্পতিবাৰে দুপৰীয়া 12.45 বজাৰ পৰা 1.30 বজাৰ ভিতৰত সংঘটিত হয় এই কৰুণ ঘটনাটো ৷ অগ্নিসংযোগৰ সময়ত ঘৰতে শিশু দুটিৰ লগত আছিল মাক আৰু আইতাক ৷ উল্লেখ্য যে , চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নি সংযোগ হোৱা বুলি পুলিচ কৰ্তৃপক্ষই জানিব দিয়ে । ইতিমধ্যে ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে শোকপ্ৰকাশ কৰাৰ লগতে কামৰূপ মহানগৰ জিলা উপায়ুক্তক এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে ৷