অসম

assam

ETV Bharat / city

মছজিদ ছেনিটাইজ কৰিলে আৰএছএছ কৰ্মীয়ে

প্ৰতি শনি আৰু দেওবাৰে মহানগৰীৰ ধৰ্মীয় অনুষ্ঠান সমূহ ছেনিটাইজ কৰাৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৷ 8 জুনৰ পৰা ধৰ্মীয় অনুষ্ঠান সমূহত আৰম্ভ হ'ব দৰ্শনাৰ্থীৰ প্ৰবেশ ৷

rss has sanitized a masjid in guwahati
ধৰ্ম নিৰপেক্ষতাৰ এক নিৰ্দশন দাঙি ধৰি আৰএছএছ কৰ্মীসকলে ছেনিটাইজ কৰিলে মছজিদ চৌহদ

By

Published : Jun 7, 2020, 9:39 PM IST

গুৱাহাটী , 7 জুনঃ মহানগৰীৰ বুঢ়া মজজিদত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰণীয় পদক্ষেপ ৷ ধৰ্ম নিৰপেক্ষতাৰ এক নিৰ্দশন দাঙি ধৰি আৰএছএছ কৰ্মীসকলে ছেনিটাইজ কৰিলে মছজিদ চৌহদ ৷ বুঢ়া মছজিদৰ লগতে কৰ্মীসকলে চেনিটাইজ কৰে কেইবাটাও ধৰ্মীয় অনুষ্ঠান ৷ উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি অহা ৮ জুনৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব সকলো ধৰ্মীয় অনুষ্ঠান ৷ যদিও বা সকলো ধৰণৰ ধৰ্মীয় অনুস্থান দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰেহে ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰিব পাৰিব দৰ্শনাৰ্থী সকলে ৷ ধৰ্মীয় অনুষ্ঠান সমূহ মুকলি কৰি দিয়াৰ পূৰ্বে দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটীৰ সদস্য সকলে গ্ৰহণ কৰে এই পদক্ষেপ ৷

ধৰ্ম নিৰপেক্ষতাৰ এক নিৰ্দশন দাঙি ধৰি আৰএছএছ কৰ্মীসকলে ছেনিটাইজ কৰিলে মছজিদ চৌহদ

গুৱাহাটী বামুনী মৈদাম শাখাৰ স্বয়ংসেৱক অনুপজ্যোতি হাজৰিকাই মন্তব্য কৰে যে, স্বয়ংসেৱক সংঘৰ উদ্যোগত মহানগৰীত থকা সমূহ মন্দিৰ , মছজিদ আৰু গুৰুদ্বাৰত প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ আনহাতে দুষ্ট চক্ৰই দেশ তথা ৰাজ্যত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰাৰ সময়তে হিন্দুত্ববাদী সংগঠনটোৰ গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে বুঢ়া মজজিদ কমিটিৰ বিষয়ববীয়া সকলে ৷

লগতে পঢ়কঃ ছটা বিষয়ত লেটাৰ লৈ দলগাঁৱত উজলিল সুজেন আহমেদ

ABOUT THE AUTHOR

...view details