গুৱাহাটী, 7 ছেপ্তেম্বৰঃসমাগত 2021 ৰ বিধানসভা নিৰ্বাচন ৷ ইয়াৰ মাজতেই বৃদ্ধি পাইছে ৰাজনৈতিক দলৰ সমূহৰ তৎপৰতা ৷ ৰাজনীতি মানেই হৈছে ক্ষমতাৰ খেল । তাতে যদি নিৰ্বাচন সমাগত হয় তেন্তে অধিক বৃদ্ধি পাই ইয়াৰ গুৰুত্বও । এতিয়া ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময় যিমানেই ওচৰ চাপি আহিছে সিমানেই পাগ ল’বলৈ আৰম্ভ কৰিছে ৰাজনৈতিক খেল ।
বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে ইতিমধ্যে ঘোষণা কৰিছে যে, আগন্তুক নিৰ্বাচনত বৰ্তমানৰ সকলো বিজেপি বিধায়কে পুনৰ প্ৰাৰ্থিত্ব লাভ নকৰে । যোৱা সময়চোৱাৰ কামৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিহে দিয়া হ’ব এইবাৰ দলীয় টিকট । স্বয়ং সভাপতিৰ মুখৰ পৰাই এনে কথা শুনাৰ পিছত এতিয়া পেটতে হাত ভৰি লুকুৱা অৱস্থা বহুকেইগৰাকী বৰ্তমানৰ বিধায়ক আৰু টিকট বিচৰাৰ আশা পালি বহি থকা বিজেপি নেতাৰ । যাৰ বাবে বিকল্প দুৱাৰ হিচাপে এখন দুৱাৰ খোলাৰ চেষ্টা বহু বিধায়ক-নেতাৰ ৷ সেই বিকল্প দুৱাৰ হিচাপে তেওঁলোকে বাচি লৈছে কংগ্ৰেছ দলক ।