গুৱাহাটী, 13 জুলাই:‘কা’ বিৰোধী আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা অন্যতম ছাত্ৰ নেতা মানস কোঁৱৰ যোৱা জানুৱাৰী মাহৰ পৰা হৈ আছে কাৰাবন্ধী । ৰাজ্যত ‘কা’ বিৰোধী আন্দোলনত কৃষক নেতা অখিল গগৈৰ লগতে সন্মুখৰ পৰা নেতৃত্বত প্ৰদান কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ নেতা নেতা মানস কোঁৱৰ অৱশেষত জামিন লাভ কৰিলে ।
সোমবাৰে নিয়া আদালতে জামিন মঞ্জুৰ কৰে ছাত্ৰ নেতা মানস কোঁৱৰৰ । চান্দমাৰী থানাৰ 13/2019 গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল মানস কোঁৱৰক । পৰৱৰ্তী সময়ত এই গোচৰটো নিয়াৰ হাতলৈ অৰ্পণ কৰা হৈছিল । যোৱা 20 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল মানস কোঁৱৰক । ইতিমধ্যে ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে থকা সকলো গোচৰত জামিন লাভ কৰাত নেতাগৰাকী মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে ।