অসম

assam

ETV Bharat / city

ৰিপুন বৰাক প্ৰত্যুত্তৰ মামিনুল আৱালৰ

ৰিপুন বৰাক প্ৰত্যুত্তৰ জনালে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মামিনুল আৱালে । তেওঁ লগতে বুদ্ধিজীৱীৰ ভোট প্ৰদান সম্পৰ্কতো মন্তব্য আগবঢ়াই কয় যে, বুদ্ধিজীৱীৰ বুদ্ধিৰ বিকাশ হ'লে ভাল হয় । হীৰেন গোহাঁইয়ে যদি ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলক ভোট দিছে তেন্তে তেওঁৰ ক'বলগীয়া একো নাই বুলি মন্তব্য কৰে মামিনুল আৱালে।

MAMINUL AWAL

By

Published : Apr 24, 2019, 9:31 PM IST

গুৱাহাটী, ২৪ এপ্ৰিল: ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ মামিনুল আৱালে ৰিপুন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ আগবঢ়াইছে । ৰিপুন বৰাই ভোটগ্ৰহণ কেন্দ্ৰত গৈ কোনে কাক ভোট দিয়ে চাই থাকে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে আৱালে । তেওঁ লগতে বুদ্ধিজীৱীৰ ভোট প্ৰদান সম্পৰ্কতো মন্তব্য আগবঢ়াই কয় যে, বুদ্ধিজীৱীৰ বুদ্ধিৰ বিকাশ হ'লে ভাল হয় । এইক্ষেত্ৰত তেওঁ হীৰেন গোহাঁইৰ কথা উল্লেখ কৰি কয় যে, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলক যদি হীৰেন গোহাঁইয়ে ভোট দিছে তেন্তে তেওঁৰ ক'বলগীয়া একো নাই ।

MAMINUL AWAL

নাগৰিকত্ব সংশোধনী আইনতকৈ ভয়ংকৰ শৰণাৰ্থী আইন কংগ্ৰেছে আনিছে বুলি দাবী কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে । বুদ্ধিজীৱীসকলে কংগ্ৰেছৰ সেই স্থিতিৰ ওপৰত কি মন্তব্য কৰিব বুলিও প্ৰশ্ন কৰে তেওঁ । তিনিটা পৰ্যায়ত নিৰ্বাচন হৈ যোৱাৰ পাছত বিৰোধী পক্ষৰ মানুহবিলাক নিৰাশ হৈ পৰিছে বাবে ইভিএম মেচিন বিতৰ্ক উলিয়াইছে বুলি তেওঁ মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details