গুৱাহাটী, 15 ডিচেম্বৰ :তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী(Trinamool Congress leader Mamata Banerjee) বি জে পিৰ বি টীম(BJP's B Team) হিচাপে কাম কৰি আছে । এই মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং(Congress general secretary Jitendra Singh)ৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটী(AICC State Level Training Programme)ৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কংগ্ৰেছৰ দলীয় কৰ্মীসকলৰ এখন ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰ(Congress State Level Training Programme)ৰ আয়োজন কৰা হয় ৷
আকৌ নতুন প্ৰভাত হ'ব শীৰ্ষক উক্ত অনুষ্ঠানৰ উদ্ধোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে সাংবাদিকৰ আগত এই মন্তব্য কৰে ৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, যি সময়ত দেশত বিৰোধী দলবোৰে একগোট হৈ বি জে পিৰ অপশাসনৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন আছিল তেনে সময়ত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে বিৰোধী দলবোৰক দুৰ্বল কৰাৰ চেষ্টা চলায় আছে । ইয়াৰ পৰা প্ৰতীয়মান হয় যে, তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে বি জে পিৰ হৈ কাম কৰি আছে ।