অসম

assam

By

Published : Sep 23, 2020, 5:21 PM IST

Updated : Sep 23, 2020, 7:00 PM IST

ETV Bharat / city

SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত

MAIN ACCUSED OF ASSAM POLICE QUESTION PAPER LEAK INCIDENT IS BEING ARRESTED
SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত আৰক্ষীৰ জালত

17:13 September 23

বিগত দেওবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল

অসম আৰক্ষীৰ SI বাচনি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ ৷ গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক ৷ অভিযুক্ত সঞ্জীৱ শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বহু সংখ্যক SI পৰীক্ষাৰ প্ৰশ্ন কাকত জব্দ কৰে ৷

ইমানেই নহয়, ধৃত সঞ্জয় শৰ্মাৰ ঘৰৰ পৰা অভিযানকাৰী দলটোৱে বন বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিভিন্ন পদৰ প্ৰশ্ন কাকতো জব্দ কৰে ৷ ধৃত সঞ্জীৱ শৰ্মা প্ৰশ্ন কাকত ফাদিলৰ কৰা মূল অভিযুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ থেংকিউ লজৰ কম্পিউটাৰ হাৰ্ড ডিক্সৰ লগতে কিছু সামগ্ৰীও জব্দ কৰে আৰক্ষী অপৰাধ শাখাই ৷ ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত নগাঁৱৰ পৰা হিৰক জ্যোতি বৰুৱা নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে ৷ জীৱন ডেকা নামৰ আন এজন ব্যক্তিক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, যোৱা দেওবাৰে অসম আৰক্ষীৰ 597 টা উপ-পৰিদৰ্শক পদৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল ৷

Last Updated : Sep 23, 2020, 7:00 PM IST

ABOUT THE AUTHOR

...view details