অসম

assam

ETV Bharat / city

সোণৰ পদক লাভ নকৰাৰ বাবে অসমবাসীক ক্ষমা বিচাৰিলে লাভলীনাই - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘‘লক্ষ্য সোণৰ পদক আছিল আৰু সেই লক্ষ্যৰেই ৰিঙত অৱতীৰ্ণ হৈছিলো । টকিঅ' অলিম্পিকৰ পৰা সোণৰ পদক আনিব নোৱাৰা বাবে মই অসমবাসীৰ ওচৰত ক্ষমা খুজিছো । অসমবাসীৰ প্ৰাৰ্থনাই মোক বক্সিঙৰ ৰিঙত শক্তি যোগাইছিল । সেই শক্তিৰে মই যুঁজিছিলো । মই আজি কথা দিছো যে ২০২৪ৰ পেৰিছ অলিম্পিকৰ পৰা মই সোণৰ পদক লৈ আহিম’’ ।- লাভলীনা বৰগোঁহাই

felicitation program
ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভলীনাক বিপুল সম্বৰ্ধনা

By

Published : Aug 12, 2021, 10:01 PM IST

গুৱাহাটী, 12 আগষ্ট : ‘‘টকিঅ' অলিম্পিকৰ পৰা সোণৰ পদক আনিব নোৱাৰা বাবে মই অসমবাসীৰ ওচৰত ক্ষমা খুজিছো । সকলোৱে মোৰ বাবে প্ৰাৰ্থনা কৰিছিল । তথাপিও মই সুখী যে, মই খালী হাতে অহা নাই । অসমবাসীৰ প্ৰাৰ্থনাই মোক বক্সিঙৰ ৰিঙত শক্তি যোগাইছিল । সেই শক্তিৰে মই যুঁজিছিলো । মই আজি কথা দিছো যে ২০২৪ৰ পেৰিছ অলিম্পিকৰ পৰা মই সোণৰ পদক লৈ আহিম’’ । কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সম্বৰ্ধনা গ্ৰহণ কৰি এইদৰে কয় লাভলীনা বৰগোঁহায়ে ৷

ৰাইজৰ এই মৰম-স্নেহ পাবৰ বাবেই দীঘলীয়া সংগ্ৰাম কৰাৰ কথা সদৰি কৰি আবেগিক হৈ পৰা ভাৰত গৌৰৱ অসম সন্তান লাভলীনা বৰগোঁহায়ে কয় যে, ‘‘লক্ষ্য সোণৰ পদক আছিল আৰু সেই লক্ষ্যৰেই ৰিঙত অৱতীৰ্ণ হৈছিলো । মা-দেউতাই মোৰ বাবে যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল । আজিৰ এই পৰ্যায়ত উপনীত হোৱাৰ আঁৰত মোৰ এক দীঘলীয়া সংগ্ৰাম আছে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিভাৰ অভাৱ নাই । সেই প্ৰতিভাবান সকলক উলিয়াই অনাৰ ক্ষেত্ৰত মোৰো প্ৰচেষ্টা থাকিব’’ ।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভলীনাক বিপুল সম্বৰ্ধনা

তেওঁ আৰু কয় যে, ক্ৰীড়াৰ মাজতো ভৱিষ্যত আছে । সেই কথা অভিভাৱকসকলেও উপলব্ধি কৰা উচিত । ৰাইজৰ অভূতপূৰ্ব মৰম-স্নেহ দেখি মোৰ আজি চকু পানী ওলাই আহিছে’’ ।

টকিঅ' অলিম্পিকত পদক লাভেৰে ইতিহাস সৃষ্টি কৰি মাতৃভূমিত উপস্থিত হোৱা লাভলীনা বৰগোঁহাইক বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিপুলভাৱে আদৰণি জনোৱা হয় । ভাৰত গৌৰৱ অসম কন্যা লাভলীনা বৰগোঁহাইক আদৰণি আৰু সম্বৰ্ধনা জনোৱাৰ বাবে গুৱাহাটীৰ কলাক্ষেত্ৰত চৰকাৰীভাৱে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অলিম্পিকৰ বাবে লাভলীনাক বিপুল সম্বৰ্ধনা

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলিম্পিকত পদক লাভেৰে ইতিহাস সৃষ্টি কৰা লাভলীনা বৰগোঁহাইক প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, মুগাৰ শ্বল, শৰাই, জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । লগতে মুখ্যমন্ত্ৰীয়ে ১ কোটি টকাৰ চেক প্ৰদান কৰে লাভলীনাক । ৰাজ্য চৰকাৰ আৰু অসমবাসীৰ হৈ লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘পেৰিছ অলিম্পিকৰ বাবে লাভলীনা বৰগোঁহাইক প্ৰতি মাহে এক লাখ টকাৰ জলপানি দিয়া হ'ব । লাভলীনা বৰগোঁহাইৰ নামত সৰুপথাৰত ২৫ কোটি টকা ব্যয় সাপেক্ষে এটা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হ'ব ।

সেইদৰে গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামত নামাকৰণ কৰা হ'ব । আনহাতে, অসম চৰকাৰৰ তৰফৰ পৰা অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পদৰ বাবে লাভলীনা বৰগোহাঁইক নিমন্ত্ৰণ জনোৱা হৈছে । লাভলীনা বৰগোহাঁইৰ এই যাত্ৰাত সহায় আগবঢ়োৱা তথা প্ৰশিক্ষণ দিয়া প্ৰশান্ত দাস, পদুম বড়ো, ছিকিমৰ সন্ধ্যা গুৰুঙকে ধৰি পাঁচগৰাকী প্ৰশিক্ষকক অসম চৰকাৰৰ তৰফৰ পৰা ১০ লাখকৈ টকা আগবঢ়োৱা হ'ব ।

লাভলীনাক বিপুল সম্বৰ্ধনা ৰাজ্য চৰকাৰৰ

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অসমৰ লগতে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰা লাভলীনা বৰগোঁহাইক ভূয়সী প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় - ‘১২৫ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই লাভলীনাই বিৰল গৌৰৱেৰে আসমবাসীক নোপোৱা সকলোখিনি ওভটাই দিলে । অসমৰ ইতিহাসত লাভলীনাৰ নাম সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব । অসমৰ ক্ৰীড়া জগতত স্বৰ্ণিল ইতিহাস ৰচনা কৰিলে । আমি তেওঁক যিমান দিলেও কম হ'ব । আমি লাভলীনাৰ এই সাফল্যত সন্তুষ্ট আৰু গৌৰৱাম্বিত’’ ।

অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী বিমল বৰায়ো বক্তব্য আগবঢ়ায় । গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত লাভলীনা বৰগোঁহাইৰ ক্ৰীড়া যাত্ৰাৰ ওপৰত প্ৰস্তুত কৰা চমু ভিডিঅ' প্ৰদৰ্শন কৰা হয় ।

লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা

অনুষ্ঠানত বক্সিং ফেডাৰেচন অব ইণ্ডিয়া, অসম অলিম্পিক এচোছিয়েশ্বন আৰু অসম ক্ৰিকেট এচোছিয়েশ্বনৰ তৰফৰ পৰা লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাই, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা, অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ উপৰিও বহু কেইগৰাকী মন্ত্ৰী-বিধায়ক আৰু খেলুৱৈ-ক্ৰীড়া সংগঠক উপস্থিত আছিল ।

লগতে পঢ়ক:লাভলীনালৈ অসম আৰক্ষীৰ ডি এছ পি পদ উপহাৰ চৰকাৰৰ

ABOUT THE AUTHOR

...view details