নিউজ ডেস্ক, ১০ মে': টকিঅ' অলিম্পিকত পদক জিনি সমগ্ৰ অসমীয়া জাতিৰ শিৰ উচ্চ কৰা অসমকন্যা লাভলিনা বৰগোহাঁয়ে আন এক অভিলেখ ৰচনা কৰিলে সুদুৰ তুৰস্কৰ ইষ্টানবুলত । সমগ্ৰ পৃথিৱীৰ ক্ৰীড়াপ্ৰেমীৰ চকু পুনৰবাৰ নিবদ্ধ হ'ল এই অসমকন্যাৰ ওপৰত ।
সোমবাৰে নিশা ইষ্টানবুলত লাভলিনাই ৭০ কেজি শাখাত পৰাজিত কৰে প্ৰাক্তন বিশ্ব চেম্পিয়ন চাইনিজ টাইপেৰ চেন নিয়েন চিনক । ইষ্টানবুলত অনুষ্ঠিত IBA বিশ্ব মহিলা বক্সিঙত (IBA Women's World Boxing Championship) ৭০ কেজি শাখাত লাভলিনা বৰগোহাঁয়ে পৰাস্ত কৰিবলৈ সক্ষম হয় বক্সিঙৰ এইগৰাকী প্ৰাক্তন বিশ্ব চেম্পিয়নক ।