অসম

assam

ETV Bharat / city

"Longest lunar eclipse of the century" ৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব

সুদীৰ্ঘ প্ৰায় 6 টা শতিকাৰ পিছত এক 3 ঘণ্টা 28 মিনিট 23 ছেকেণ্ডৰ দীঘলীয়া এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী ।

longest-lunar-eclipse-of-the-century
"longest lunar eclipse of the century" শতিকাৰ আটাইতকৈ দীঘল চন্দ্ৰগ্ৰহণ

By

Published : Nov 19, 2021, 11:03 AM IST

গুৱাহাটী , 19 নৱেম্বৰ : সুদীৰ্ঘ প্ৰায় 6 টা শতিকাৰ পিছত মহাকাশত ঘটিব এক বিৰল মহাজাগতিক পৰিঘটনা ৷ শুকুৰবাৰে শতিকাৰ আটাইতকৈ দীঘল চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী । প্ৰায় চাৰে তিনি ঘণ্টাৰ বাবে হ’ব এই চন্দ্ৰগ্ৰহণ ।

অসমৰ শদিয়া আৰু অৰুণাচল প্ৰদেশৰ ৰয়িঙকে ধৰি বিশ্বৰ ভিন্ন প্ৰান্তত দেখবলৈ পোৱা যাব 3 ঘণ্টা 28 মিনিট 23 ছেকেণ্ডৰ দীঘলীয়া এই চন্দ্ৰগ্ৰহণ । গ্ৰহণ লগাৰ সময়ত ধূসৰ আৰু ৰঙা ৰঙেৰে আলোকিত হ’ব চন্দ্ৰ । এই সময়ছোৱাত পৃথিৱীৰ ছাঁই চন্দ্ৰপৃষ্ঠৰ প্ৰায় 97 শতাংশ ঢাকি ধৰিব । সুদীৰ্ঘ 580 বছৰ পিছত হ'ব এই বিৰল মহাজাগতিক পৰিঘটনা । 19 নৱেম্বৰৰ দুপৰীয়া 12 বাজি 48 মিনিটত আৰম্ভ হ’ব এই গ্ৰহণ ।

আনহাতে এই গ্ৰহণৰ পৰিসমাপ্তি ঘটিব বিয়লি 4 বাজি 17 মিনিটত । পূব এছিয়া, উত্তৰ ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত পৰিলক্ষিত হ’ব এই বিৰল মহাজাগতিক পৰিঘটনা ।

অৱশ্যে গ্ৰহণৰ সময়ত চন্দ্ৰটো দিগন্তৰেখাৰ তলত অৱস্থান কৰাৰ বাবে গুৱাহাটীৰ লগতে অসমৰ অধিকাংশ অঞ্চল তথা ভাৰতৰ অন্য প্ৰান্তৰ পৰা এই গ্ৰহণ দেখা পোৱা নাযাব । ইফালে উত্তৰ-পূৰ্বাঞ্চলৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত শদিয়া আৰু অৰুণাচল প্ৰদেশৰ ৰয়িং আদি অঞ্চলৰ পৰা চন্দ্ৰোদয়ৰ মূহুৰ্ত কিছুসময়ৰ বাবে পূৱ দিগন্তত দৃশ্যমান হ'ব ।

লগতে পঢ়ক :Bridge to Majuli : নৱেম্বৰৰ শেহত পুতিব খুঁটা, চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলীলৈ দলং নিৰ্মাণ

ABOUT THE AUTHOR

...view details