গুৱাহাটী, ২৪ ডিচেম্বৰ:শুকুৰবাৰে অৰ্থাৎ 24 ডিচেম্বৰত অসম বিধানসভাত ভাষণ দিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই (Lok Sabha Speaker to address Assam Legislative Assembly)। পঞ্চদশ অসম বিধানসভাত শুকুৰবাৰে ভাষণ দিয়াৰ পূৰ্বে পুৱা ১০.৩০ বজাত বিধানসভাৰ চেন্ট্ৰেল হলত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত লোকসভাৰ অধ্যক্ষগৰাকীয়ে বিধানসভা টিভি নামৰ এটা ডিজিটেল চেনেল মুকলি কৰিব (Officially launch the Assam Legislative Digital TV) । ডিজিটেল চেনেলটো মুকলি কৰাৰ পিছতে অধ্যক্ষগৰাকীয়ে সদনৰ মজিয়াত ভাষণ আগবঢ়াব ।
চৰকাৰীভাৱে আৰম্ভ কৰিবলগীয়া বিধানসভা টিভিয়েই হব ৰাজ্যৰ প্ৰথমটো চেনেল । এই চেনেল উদ্বোধনী অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ, উপাধ্যক্ষ, মুখ্যমন্ত্ৰী, বিৰোধী দলপতিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।