অসম

assam

ETV Bharat / city

লক ডাউন : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা অব্যাহতি বহু কৰ্মচাৰীক - প্ৰতিবাদত কৰ্মচাৰী সন্থা

75 দিনীয়া লক ডাউনৰ পাচতেই ব্য়ক্তিগত খণ্ডত কৰ্মৰত বহু চাকৰীয়াল কৰ্মীলৈ নামি আহিছে ঘোৰ অন্ধকাৰ । লক ডাউনৰ সুযোগ লৈ এতিয়া একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চাকৰিৰ পৰা অব্যাহতি দিছে বহু কৰ্মচাৰীক ।

Lockdown: Many employees have been released from private sector schools
Lockdown: Many employees have been released from private sector schools

By

Published : Jun 11, 2020, 6:08 PM IST

গুৱাহাটী, 11 জুনঃ কৰ'ণা ভাইৰাছ, লক ডাউনৰ পাচতেই ঘোৰ অন্ধকাৰ নামি আহিছে একাংশ ব্য়ক্তিগত খণ্ডৰ বিদ্য়ালয়ত কৰ্মৰত বহু কৰ্মীৰ জীৱনলৈ । শেহতীয়াকৈ লক ডাউনৰ সুযোগ লৈ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চাকৰিৰ পৰা অব্যাহতি দিলে বহু কৰ্মচাৰীক ৷ মহানগৰীৰ সোনাই ঘূলিস্থিত নাৰায়ানা ই টেকন' বিদ্যালয়ৰ পৰা অব্যাহতি দিয়া হ'ল বহু কৰ্মচাৰীক ৷

লক্ ডাউন : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা অব্যাহতি বহু কৰ্মচাৰীক

বিনা বেতনে চাকৰিৰ পৰা অব্যাহতি দিয়াক লৈ বৃহস্পতিবাৰে প্ৰতিবাদত বহিল কৰ্মচাৰী সন্থা ৷ বিদ্যালয়ৰ সন্মুখত হাতত প্লে-কাৰ্ড লৈ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠিল কৰ্মচাৰী সকল ৷

বিদ্যালয় বন্ধ থকাৰ সময়ত সকলো কাম কাজ কৰ্মচাৰী সকলৰ দ্বাৰা কৰোৱাই এতিয়া হঠাতে অব্যাহতি দিয়ে বহু কৰ্মচাৰীক ৷ আনহাতে কোনো ধৰণৰ আগতীয়াকৈ জাননী আৰু পাবলগীয়া দৰমহা আদায় নিদিয়াকৈ কামৰ পৰা অব্যাহতি দিয়া কাৰ্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে কৰ্মচাৰী সন্থা ।

লগতে চাওকঃ দেৱাশীস গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত আন দুই অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details