অসম

assam

ETV Bharat / city

ফাঁচী বজাৰত লক ডাউন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

মহানগৰৰ ফাঁচী বজাৰত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন । তলাবন্ধ আইন ভংগকাৰীক ৰেহাই দিয়া নাই আৰক্ষীয়ে । প্ৰয়োজনীয় কাম দেখাই ওলাই অহা লোকৰ বাহন জব্দ কৰিছে আৰক্ষীয়ে ।

Lockdown, Guwahati police strict against violators
Lockdown, Guwahati police strict against violators

By

Published : Apr 7, 2020, 2:35 PM IST

গুৱহাটী, ৭ এপ্ৰিলঃ আজি ১৪ দিনত ভৰি দিছে ২১ দিনীয়া তলাবন্ধই । যোৱা ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা তলাবন্ধৰ সময়ত বিভিন্ন ঠাইত জনতাই আইন অমান্য কৰাও পৰিলক্ষিত হৈছে । আৰক্ষী-প্ৰশাসনে বাৰম্বাৰ জনতাক লক ডাউন পালন কৰাৰ বাবে অনুৰোধ জনাই আহিছে । ইয়াৰ মাজতো কিন্তু জনতাই ভংগ কৰি আহিছে আইন । আৰক্ষীৰ কঠোৰ পদক্ষেপকো কেৰেপ কৰা নাই জনতাই ।

গুৱাহাটীত তলাবন্ধ আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

মঙলবাৰে অধিক তৎপৰ হৈছে মহানগৰ আৰক্ষী । ফাঁচী বজাৰত আইন ভংগকাৰী সকলৰ ওপৰত অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী । পুৱাৰ ভাগত আৰক্ষীয়ে তালাচি অভিযানত বহু লোকৰ বাহন জব্দ কৰে ফাঁচী বজাৰত । অনুজ্ঞা পত্ৰ অবিহনে, বিভিন্ন প্ৰয়োজনীয় কামৰ কথা কৈ ৰাজপথলৈ ওলাই অহা ব্যক্তি সকলৰ নথিপত্ৰ চাই ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ।

ফাঁচী বজাৰত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে তলাবন্ধ আইন ভংগকাৰী সকলৰ ওপৰত লাঠি চালনা কৰিবলৈও বাধ্য হোৱা দেখিবলৈ পোৱা গৈছে ।

লগতে চাওক- কেনেকৈ কৰ'ণা মুক্ত হ'ল ৰাজস্থানৰ এখন জিলা !

ABOUT THE AUTHOR

...view details