অসম

assam

ETV Bharat / city

মানুহৰ দ্বাৰা, মানুহৰ বাবে.... - আৰক্ষীৰ মহানতা

আনহাতে প্ৰতিটো সংকটৰ সময়ত দেশৰ বা ৰাজ্যৰ শক্তি হিচাবে থিয় দি থকা সাংবাদিকসকলে লকডাউনৰ সময়ত নিজৰ কৰ্তব্য অব্যাহত ৰখাৰ লগতে দুখীয়া-নিচলাক খাদ্য যোগান ধৰি দেশৰ প্ৰতি নিজ দায়িত্ব পালন কৰে ৷

মানুহৰ দ্বাৰা, মানুহৰ বাবে....
মানুহৰ দ্বাৰা, মানুহৰ বাবে....

By

Published : Mar 30, 2020, 10:40 PM IST

নিউজ ডেস্ক, 30 মাৰ্চঃ লকডাউনৰ ষষ্ঠ দিনটোত সোমবাৰে ভোকালজনৰ কাষত থিয় দিয়ে ৰাজ্যৰ আৰক্ষী, সাংবাদিক তথা ব্যৱসায়ীসহ সচেতন লোকসকল ৷ সোমবাৰে নলবাৰী, দৰং , তেজপুৰ আৰু ডুমডুমা আৰক্ষীয়ে পথৰ কাষত থকা ভোকাতুৰজনৰ লগতে অনাথ আশ্ৰমত খাদ্যসামগ্ৰী বিতৰণ কৰে ৷ শোণিতপুৰ জিলাত আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি দেৱ মহন্তৰ তৎপৰতাত অনাথ আশ্ৰমৰ শিশুৰ বাবে জৰুৰী খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । সমান্তৰালকৈ নলবাৰীত সদৰ আৰক্ষী থানাৰ বিষয়া বিশ্বজ্যোতি দুৱৰী, ডিব্ৰুগড়ৰ তালাপত আৰক্ষী চকীৰ আৰক্ষী উপ-পৰিদৰ্শক কপিল চন্দ্ৰ দাস, মঙলদৈত ব্যৱসায়ী দুলাল হিৰা তথা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ,ডি এচ পি মাননি হাজৰিকাৰ নেতৃত্বত খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷

আৰক্ষীৰ খাদ্য সামগ্ৰী বিতৰণ
সাংবাদিকৰ খাদ্য বিতৰণ

আনহাতে প্ৰতিটো সংকটৰ সময়ত দেশৰ বা ৰাজ্যৰ শক্তি হিচাবে থিয় দি থকা সাংবাদিকসকলে লকডাউনৰ সময়ত নিজৰ কৰ্তব্য অব্যাহত ৰখাৰ লগতে দুখীয়া-নিচলাক খাদ্য যোগান ধৰি দেশৰ প্ৰতি নিজ দায়িত্ব পালন কৰে ৷ কৰিমগঞ্জ প্ৰেছ ক্লাব, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ লগতে ধুবুৰীৰ সাংবাদিকে কৰ্তব্যৰত আৰক্ষীকো খাদ্য যোগান ধৰে ৷

ব্যৱসায়ীৰ খাদ্য সামগ্ৰী বিতৰণ

সমান্তৰালকৈ, এই ক্ষেত্ৰত মানুহৰ সহায়ৰ বাবে আগুবাঢ়ি আহে ৰাজ্যৰ একাংশ ব্যৱসায়ী তথা সচেতন লোক ৷ কামপুৰৰ যুৱ ব্যৱসায়ী পিকু বৰাই ঘৰতে আবদ্ধ হৈ থকা অসহায় লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰে ৷ লগতে গোলাঘাটৰ খুমটাইত শাঁওতলী পঞ্চায়ত সভানেত্ৰী আৰু আটছাৰ বাদুলীপাৰ উপ শাখাৰ সভাপতিৰ উদ্যোগত প্ৰায় ৪০ টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ আনহাতে, সৰভোগৰ দুৰামাৰী গাঁৱৰ সাউদ পাৰাৰ স্বৰ্গীয় নিৰণ সাউদৰ সোঁৱৰণত তেওঁৰ পৰিয়ালে ১০০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দালি, আলু, পিয়াজ, মিঠাতেল আদি বিতৰণ কৰে ৷ ইয়াৰোপৰি তিনিচুকীয়াৰ খোৱাঙ আজাগুৰিৰ অপূৰ্ব ফুকন নামৰ এজন ব্যক্তিয়ে নিজা সাঁচতীয়া ধনেৰে প্ৰায় ১২০ কেজি বেঙেনা ওচৰৰ প্ৰায় ৪০ টা চাহ শ্ৰমিক পৰিয়ালৰ মাজত বিতৰণ কৰে ।



ABOUT THE AUTHOR

...view details