গুৱাহাটী, 24 আগষ্ট :আপুনি LIC ত ধন জমা থোৱাৰ কথা চিন্তা কৰিছে নেকি । যদি ভাবিছে তেন্তে প্ৰথমে নিজে অলপ সাৱধান হওক । কিয়নো আপোনাৰ অলপ অসাৱধানতাৰ বাবে আপুনি হেৰুৱাব পাৰে কষ্টোপাৰ্জিত জমা ধন । তেনে এক ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ দাঁতিকাষৰীয়া বোন্দা অঞ্চলত ।
পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ কষ্টোপাৰ্জিত ধন ভাৰতীয় জীৱন বীমা নিগমৰ জমা কৰি এতিয়া বিপদত পৰিছে নাৰেংগীৰ বোন্দা অঞ্চলৰ এজন গ্ৰাহক । এল আই চিৰ এজেণ্টৰ জালিয়াতি তথা প্ৰৱঞ্চনাৰ বাবে সৰ্বস্বান্ত হৈ নিজৰ প্ৰাপ্য ধন বিচাৰি অৱশেষত মহানগৰীৰ ফাঁচীবজাৰস্থিত এল আই চি কৰ্তৃপক্ষ আৰু আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছে মহানগৰীৰ বোন্দাৰ চপাইদাঙৰ ৰাজেশ বৈশ্য । ফাঁচীবজাৰস্থিত জীৱন বীমা নিগম কৰ্তৃপক্ষৰ কাৰ্যালয়ত এজেণ্ট সৌৰভ দাসৰ বিৰুদ্ধে ইতিমধ্যে এক অভিযোগ দাখিল কৰিছে ভুক্তভোগী লোকজনে ।
ৰাজেশ বৈশ্য এই সন্দৰ্ভত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত বিগত ১ মার্চত দাখিল কৰিছিল এজাহাৰ । ভুক্তভোগী ৰাজেশ বৈশ্য নামৰ লোকজনে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০ ধাৰাৰ অধীনত ৬৪/২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে আজি পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ।
অৱশেষত ব্যক্তিগৰাকীয়ে দুখ-দুৰ্দশাৰ কথা সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰি উচুপি উঠে ৷ লোকজনে জানিবলৈ দিয়া মতে, নলবাৰী জিলাৰ আৰিকুছিৰ সৌৰভ দাস নামৰ জীৱন বীমা নিগমৰ এজেণ্টজনৰ জৰিয়তে ২০০৪ চনৰ পৰা তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ নামত মুঠ ৫ টাকৈ পলিচি খোলে ৷
লগতে পঢ়ক :1 ছেপ্তেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ নিৰ্দেশ চৰকাৰৰ
উক্ত পাঁচটাকৈ পলিচিৰ বিপৰীতে আদায় দিবলগীয়া কিস্তিৰ ধনসমূহ বেংক একাউণ্টৰ চেকযোগে সৌৰভ দাসক আদায় দিছিল । এনেদৰে দীৰ্ঘদিন ধৰি এজেণ্টজনৰ সৈতে গ্ৰাহক বৈশ্যৰ লেনদেন চলি আছিল । চলিত বৰ্ষৰ জানুৱাৰী মাহত বৈশ্যই এজেণ্টজনৰ ওচৰত জীৱন বীমা নিগমৰ পলিচিৰ বিপৰীতে দীৰ্ঘদিন ধৰি জমা দি থকা ধনৰাশিৰ ৰচিদসমূহ বিচাৰে । কিন্তু এজেণ্টজনে গ্ৰাহকজনক এই ৰচিদসমূহ ঘূৰাই দিয়াৰ ক্ষেত্ৰত অপৰাগতা প্ৰকাশ কৰাত সন্দেহ ওপজে গ্ৰাহক বৈশ্যৰ । সেইমৰ্মে বৈশ্যই জীৱন বীমা নিগমৰ গুৱাহাটীৰ ফাঁচীবজাৰস্থিত কাৰ্যালয়ত যোগাযোগ কৰাত প্ৰায় চাৰি লাখ টকাৰ বিসংগতি ধৰা পৰে ।