অসম

assam

ETV Bharat / city

বিধানসভাত জন প্ৰতিনিধিৰ নাক-দাঁতৰ সুৰক্ষা বিচাৰি বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ

নাক আৰু দাঁতৰ সুৰক্ষাৰ বাবে আপুনি বাৰু কাৰ কাষলৈ যাব ? আপুনি ভাবিছে চাগৈ এইয়া আকৌ কেনে কথা ! নাক আৰু দাঁতৰ সুৰক্ষাৰ বাবে আপুনি নিশ্চয়কৈ চিকিৎসকৰ ওচৰলৈ যাব ৷ কিন্তু এইবাৰ নাক আৰু দাঁতৰ সুৰক্ষা বিচাৰি বিধানসভা অধ্যক্ষলৈ প্ৰেৰণ কৰা হৈছে এখন পত্ৰ(Letter to Assam Legislative Assembly Speaker) । কোনে আৰু কিয় বিধানসভা অধ্যক্ষলৈ প্ৰেৰণ কৰিলে এই পত্ৰখন ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

letter-to-assembly-speaker-seeking-nose-tooth-protection
নাক-দাঁতৰ সুৰক্ষা বিচাৰি বিধানসভাৰ অধ্যক্ষ লৈ পত্ৰ

By

Published : Mar 30, 2022, 10:03 PM IST

লখিমপুৰ, ৩০ মাৰ্চ :অবিশ্বাস্য যেন লাগিলেও সঁচা । এইবাৰ নাক আৰু দাঁতৰ সুৰক্ষা বিচাৰি বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ(Letter to Assembly Speaker seeking nose tooth protection) ৷ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে বিধানসভা অধ্যক্ষলৈ প্ৰেৰণ কৰে এই পত্ৰখন । সাধাৰণতে নাক-দাঁতৰ সুৰক্ষাৰ বাবে চিকিৎসকহে কাষ চপা হয় ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে সংগঠনটোৱে চিকিৎসকৰ কাষ চপাৰ পৰিৱৰ্তে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈহে প্ৰেৰণ কৰিছে পত্ৰখন ।

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈ

দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে মঙলবাৰে প্ৰেৰণ কৰে এই পত্ৰখন । অৱশ্যে তেওঁ নিজৰ নাক-দাঁতৰ সুৰক্ষা বিচাৰি পত্ৰখন প্ৰেৰণ কৰা নাই । অসম বিধানসভাত থকা জন প্ৰতিনিধিসকলৰ নাক-দাঁতৰ সুৰক্ষা বিচাৰিহে অধ্যক্ষলৈ পত্ৰখন প্ৰেৰণ কৰিছে ।

নাক-দাঁতৰ সুৰক্ষা বিচাৰি বিধানসভাৰ অধ্যক্ষ লৈ পত্ৰ

বিধানসভাৰ অধিৱেশনত জন প্ৰতিনিধিসকলৰ আচৰণ প্ৰত্যক্ষ কৰি আৰু সোমবাৰে পশ্চিমবংগৰ বিধানসভাত মাৰপিটৰ দৃশ্য দেখি অসমৰ জন প্ৰতিনিধিসকলৰ নাক-দাঁতৰ সুৰক্ষাৰ বাবে এক বিশেষ প্ৰশিক্ষণ বিচাৰি অধ্যক্ষলৈ পত্ৰখন প্ৰেৰণ কৰা হৈছে । এতিয়া পত্ৰখন পোৱাৰ পাছত অধ্যক্ষই নাক-দাঁতৰ সুৰক্ষাৰ বাবে কেনে ব্যবস্থা গ্ৰহণ কৰে, সেয়া চাবলৈ এতিয়া সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে ।

লগতে পঢ়ক :মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা: বিৰোধীৰ সদন ত্যাগ

ABOUT THE AUTHOR

...view details