অসম

assam

ETV Bharat / city

মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ - গুৱাহাটীৰ ৰেঞ্জাৰ পংকজ কলিতা

বিগত কেইবাদিন ধৰি আদিংগিৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীয়ে । বৰ্তমানো 4-5 টা নাহৰফুটুকী আদিংগিৰিত থকা বুলি জানিবলৈ দিলে স্থানীয় ৰাইজে । তথাপি নিশা নাহৰফুটুকীটো আৱদ্ধ হোৱাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে ।

মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
মালিগাঁৱত পুণৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By

Published : Sep 3, 2020, 3:21 AM IST

গুৱাহাটী, 3 ছেপ্টেম্বৰ : মহানগৰীৰ মালিগাঁও আদিংগিৰি পাহাৰত পুণৰ এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় । বুধবাৰে নিশাৰ ভাগত ছাগলী ভক্ষণ কৰিবলৈ আহি আৱদ্ধ হয় নাহৰফুটুকীটো । যোৱা 21 তাৰিখে উক্ত স্থানত নাহৰফুটুকীৰ আক্ৰমণত নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি শিশু । তাৰ পিছতেই ৰাইজৰ অনুৰোধ মৰ্মে গুৱাহাটীৰ ৰেঞ্জাৰ পংকজ কলিতাৰ নেতৃত্বত বন বিভাগৰ এটা দলে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰে ৷

স্থানীয় লোকৰ প্ৰতিক্ৰিয়া

বন বিভাগৰ এই ফান্দত প্ৰথমে যোৱা 26 তাৰিখে এটা নাহৰফুটুকী পৰে আৰু বুধবাৰে নিশা পুণৰ পিঞ্জৰাত আৱদ্ধ হয় এইটো প্ৰকাণ্ড নাহৰফুটুকী । বিগত কেইবাদিন ধৰি আদিংগিৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীয়ে । বৰ্তমানো 4-5 টা নাহৰফুটুকী আদিংগিৰিত থকা বুলি জানিবলৈ দিলে স্থানীয় ৰাইজে । তথাপি নিশা নাহৰফুটুকীটো আৱদ্ধ হোৱাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে ।

বন বিষয়া পংকজ কলিতাৰ মন্তব্য

পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো চাবলৈ অগনন লোকৰ সমাগম ঘটে অঞ্চলটোত । ইফালে বন বিভাগৰ দল,অসম ৰাজ্যিক চিৰিয়াখানাৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ নাহৰফুটুকীটো চিৰিয়াখানালৈ লৈ যায় । উল্লেখযোগ্য যে একাংশ লোকে বন ধ্বংসৰ কৰাৰ ফলত এতিয়া থাকিবলৈ ঠাই নাইকিয়া হৈছে বন্যপ্ৰাণীৰ । সমান্তৰালকৈ বন ধ্বংস যজ্ঞ বন্ধ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়তা আছে ।

লগতে পঢ়ক :আৰক্ষীয়ে কবৰৰ পৰা খান্দি উলিয়ালে মৃতদেহ

ABOUT THE AUTHOR

...view details