গুৱাহাটী, 14 ফেব্ৰুৱাৰীঃ2020-21 বর্ষৰ কেন্দ্ৰীয় বাজেটত গুৰুত্বপূৰ্ণ শিতানবোৰত জনবিৰোধী নীতি গ্ৰহণ কৰি প্ৰস্তুত কৰাৰ অভিযোগত শুকুৰবাৰে বাওঁ গণতান্ত্ৰিক মঞ্চৰ এক বিশাল প্ৰতিবাদী সমদল ৷ মহানগৰীৰ গুৱাহাটী ক্লাৱৰ পৰা উলিওৱা প্ৰতিবাদী সমদলত দহটাকৈ বাওঁপন্থী সংগঠনৰ নেতা-কর্মী সকলে অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ ।
কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ঘোষণা কৰা বাজেটৰ জৰিয়তে জনসাধাৰণৰ জীৱন-জীৱিকাৰ ওপৰত ভয়ানক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বাওঁপন্থী নেতা হেমেন দাসে কয়,কেন্দ্ৰ চৰকাৰখনে বৃহৎ পুঁজিপতি সকলৰ স্বাৰ্থতে কাম কৰি আছে । চৰকাৰেখনে জনসাধাৰণৰ চিন্তা নকৰি এটাৰ পিচত আনটো ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ বিক্ৰী বা ব্যক্তিগতকৰণ কৰিবলৈ আৰম্ভ কৰিছে ।