গুৱাহাটী, ৬ ডিচেম্বৰ : কামাখ্যা মন্দিৰৰ বাবে মোগল সম্ৰাট ঔৰংজেৱে মাটি দান দিছিল বুলি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে মন্তব্য কৰাৰ পিছত ৰাজ্যৰ ৰাজনীতি তল-ওপৰ হৈছে(Aminul Islam says Aurangzeb contributed to Kamakshya temple) । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই দেওবাৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সীমা চেৰাই গৈ কথা নকবলৈ আমিনুল ইছলামক সকাীয়াই দিয়াৰ লগতে কৈছিল যে আমিনুলে ভাবি চিন্তি কথা নকলে শ্বেৰমান আলি আহমেদৰ দৰে জেলৰ ভাত খাব লাগিব(CM Himanta warned MLA Aminul Islam) ।
মুখ্যমন্ত্ৰীৰ এনে হুংকাৰৰ পিছতে সোমবাৰে বিধায়ক আমিনুল ইছলামৰ পক্ষত থিয় দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া(Debabrata Saikia stands with Aminul Islam) । বিৰোধী দলপতি গৰাকীয়ে কয় যে, এইখন গণতান্ত্ৰিক দেশ । আমিনুল ইছলামে যদি ভুল কথা কৈছে তেন্তে নিশ্চিতভাৱে তাৰ বিচাৰ হব । কিন্তু তাকে নকৰি জেলত ভৰাই থম বুলি কোৱাটো উচিত নহয় । তেওঁ আৰু কয় যে, আমিনুল ইছলামে হয়তো কোনো ভুল কথাও কোৱা নাই ।