গুৱাহাটী, ১৯ নৱেম্বৰ :শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাৱটে( Kangana Ranaut ) বাৰুকৈয়ে মুৰৰ কামোৰণি তুলিছে কংগ্ৰেছ দলৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা বৄহস্পতিবাৰে দিছপুৰ থানাত বলিউড(Bollywood)ৰ এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ ইয়াৰ চৌব্বিশ ঘন্টা পাৰ হ'ল কি নহ'ল, শুকুৰবাৰে পুণৰ কংগনা ৰানাৱটৰ বিৰুদ্ধে দিছপুৰ থানাত আন এখন এজাহাৰ দাখিল কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।
এই এজাহাৰখনত বিৰোধী দলপতি গৰাকীয়ে এই বুলি উল্লেখ কৰে যে, এইগৰাকী অভিনেত্ৰীয়ে সমগ্ৰ দেশৰ স্বাধীনতা সংগ্ৰামী সকলক অপমান কৰিছে । দেশৰ স্বাধীনতা সংগ্ৰামত অসমৰো অৱদান আছিল । বলিউডৰ অভিনেত্ৰী গৰাকীয়ে গোমধৰ কোৱৰ, কনকলতা, কুশল কোৱৰকে ধৰি অসমৰ বীৰ শ্বহীদ সকলকো অপমানিত কৰিছে ।