গুৱাহাটী, ২৪ মে':বটদ্ৰৱা কাণ্ডৰ (Batadrava police station burnt) তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰোৱাৰ বাবে দাবী জনাইছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । মঙলবাৰে বটদ্ৰৱাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, আৰক্ষীৰ জিম্মাত এজনৰ মৃত্যু হোৱাটো এটা অপৰাধ আৰু আইন হাতত তুলি লোৱাসকলো অপৰাধী । দুয়োপক্ষই সমানে জগৰীয়া । ন্যায়িক তদন্ত হ'লে গোটেই কথাখিনি পোহৰলৈ আহিব বুলি উল্লেখ কৰে দেৱব্ৰত শইকীয়াই । ঘটনাটোক বিভিন্ন পক্ষই বিভিন্ন দৃষ্টিৰে চাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে, কোনেও যাতে ধাৰণাৰ ভিত্তিত উত্তেজনাৰ সৃষ্টি নকৰে ।
আনহাতে, দুদিনৰ বাবে বৰাক উপত্যকা ভ্ৰমণ কৰা সন্দৰ্ভত তেওঁ কয় যে, বৰাকৰ বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে (Flood in Barak valley)। শ্লুইছ গেট সমূহ খুলি নিদিয়া বাবে পানী আৱদ্ধ হৈ আছে অঞ্চলসমূহত (Congress visits flood effected areas in Barak)। তাৰোপৰি আশ্ৰয় শিবিৰ সমূহত খাদ্যৰ অভাৱ আছে বুলি সদৰি কৰি বিৰোধী দলপতিজনে কয় যে চৰকাৰে বানাক্ৰান্তক প্ৰয়োজনীয় সা-সুবিধা যোগান ধৰা নাই । চৰকাৰে পুঁজিৰ অভাৱ নাই বুলি কয় যদিও কিবা দুৰ্যোগ হ'লে পুঁজি বিচাৰে ।
তেওঁ লগতে কয় যে, বহু শিতানত কেন্দ্ৰীয় চৰকাৰে পুঁজি নিদিয়াৰ বাবে সমস্যাৰ সৃষ্টি হৈছে । এইক্ষেত্রত অসম চৰকাৰে কেন্দ্ৰৰ লগত যোগাযোগ কৰি পুঁজি অনাৰ ব্যৱস্থা কৰিব লাগে বুলি শইকীয়াই উল্লেখ কৰে ।