গুৱাহাটী, ২১ এপ্ৰিল :অসমৰ মানুহক নিৰাপদে ৰখাৰ গুৰুত্বপূৰ্ণ কাম এৰি অসম আৰক্ষীয়ে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল নেকি বিধায়ক জিগনেশ মেৱানীক ? এই প্ৰশ্ন আমাৰ নহয়, গুজৰাটৰ দলিত নেতা তথা ৰাজ্যখনৰ বিধায়ক জিগনেশ মেৱানীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত সৰৱতা প্ৰকাশ কৰি এই প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrat Saikia on Jignesh Mevani's arrest) ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি জিগনেশে কৰা এটা টুইটৰ (Jignesh Mevani's tweet against PM Modi) বিৰুদ্ধে কোকৰাঝাৰ থানাত ৰুজু কৰা হৈছিল এটা গোচৰ ৷ এই গোচৰৰ ভিত্তিতে অসম আৰক্ষীয়ে সদলবলে গৈ গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনে জিগনেশক । ইয়াকেলৈ, লৈ এতিয়া উত্তপ্ত হৈ পৰিছে ৰাজ্য তথা দেশৰ ৰাজনৈতিক পৰিৱেশ ৷ কংগ্ৰেছ নেতৃত্বই এই কথা সহজভাৱে গ্ৰহণ নকৰি ইয়াৰ বিৰুদ্ধে প্ৰকাশ কৰিছে সৰৱতা ৷
এই সন্দৰ্ভতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, দেশৰ ভিতৰতে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসমে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিছে । ইয়াক কেনেকৈ নোহোৱা কৰিব পাৰি তাৰ প্ৰতিহে অসম আৰক্ষীয়ে মনোনিবেশ কৰা উচিত । কিন্তু তাকে নকৰি কোনো বিজেপি নেতাই এটা গোচৰ তৰাৰ বাবেই এটা টুইটৰ বাবে জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী গুজৰাটলৈ উধাতু খাই ঢাপলি মেলিলে ।