অসম

assam

By

Published : Mar 7, 2019, 8:44 PM IST

ETV Bharat / city

লোকসভা নিৰ্বাচনলৈ সাজু আঞ্চলিক গণতান্ত্ৰিক মৰ্চা

প্ৰদ্যুৎ বৰাৰ নেতৃত্বত চাৰিটাকৈ দলে একেলগে প্ৰতিদ্বন্দিতা কৰিব লোকসভা নিৰ্বাচনত

লোকসভা নিৰ্বাচনলৈ সাজু আঞ্চলিক গণতান্ত্ৰিক মৰ্চা

গুৱাহাটী, 7 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সৰৱ হৈ উঠিছে এসময়ৰ বিজেপিৰ তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্বত থকা নেতা প্ৰদ্যুৎ বৰা ৷ অসমত শক্তিশালী আঞ্চলিক গণতান্ত্ৰিক মৰ্চাৰে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে নেতাগৰাকীয়ে ৷

গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি এই কথা ঘোষণা কৰিছে নেতাগৰাকীয়ে ৷ এল ডি পিৰ অধ্যক্ষগৰাকীয়ে অসম সংগ্ৰামী মঞ্চৰ লগতে এ এছ ডি চি নামৰ দুটাকৈ ৰাজনৈতিক দলৰ সৈতে লগ লাগি অসমত এক শক্তিশালী আঞ্চলিক গণতান্ত্ৰিক মৰ্চাৰে আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰে ।

লোকসভা নিৰ্বাচনলৈ সাজু আঞ্চলিক গণতান্ত্ৰিক মৰ্চা

আনহাতে বিজেপি আৰু অগপ দলৰ ভূমিকাক লৈয়ো তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে নেতাগৰাকীয়ে । লখিমপুৰত বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে কৰা ঘোষণাৰ উদ্ধৃতিৰে অসমৰ বাবে বিজেপি দল ভয়ংকৰ বুলি বিজেপিৰ পৰা অগপ দলক আঁতৰত অৱস্থান গ্ৰহণ কৰিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে । বিজেপিৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা ধৰনে যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেতিয়াহ'লে কি যুক্তিত অগপ দলে বিজেপিৰ সৈতে মিত্ৰতা কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে নেতাগৰাকীয়ে ৷

লোকসভা নিৰ্বাচনলৈ সাজু আঞ্চলিক গণতান্ত্ৰিক মৰ্চা

অসমৰ বিভিন্নতা তথা অসমৰ সমস্যাসমূহ উপলব্ধি কৰাত ৰাষ্ট্ৰীয় দলসমূহ সদায় ব্যৰ্থ হৈ আহিছে আৰু এনেক্ষেত্ৰত বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে বুলি সংবাদ মেলত উল্লেখ কৰে নেতাগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details