অসম

assam

ETV Bharat / city

বৰঝাৰ আৰু লীলাবাৰীৰ মাজত বিমান সেৱা আৰম্ভ - Lilabari

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰঝাৰৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে । ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা ফ্লাইবিগৰ ৭২ খন আসনযুক্ত বিমান গুৱাহাটীৰ পৰা লীলাবাৰীলৈ সপ্তাহত চাৰিদিনকৈ চলাচল কৰিব ।

Launch_of_air_service_between_Barjhar_and_Lilabari
বৰঝাৰ আৰু লীলাবাৰীৰ মাজত বিমান সেৱা আৰম্ভ

By

Published : Nov 4, 2021, 9:10 PM IST

গুৱাহাটী,৪ নৱেম্বৰ :গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃজাৰ্তিক বিমান বন্দৰৰ পৰা লখিমপুৰ জিলাৰ লীলাবাৰী বিমানবন্দৰলৈ পোনপটীয়া আৰম্ভ কৰা হৈছে বিমান সেৱা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিয়লি বৰঝাৰৰ বিমানবন্দৰত পতাকা জোকাৰি এই বিমান সেৱাৰ শুভাৰম্ভ কৰে । বিমানখনত আন আন যাত্ৰীৰ লগতে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, উত্তৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা, অৰুণাচল প্ৰদেশৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী টাকী টেগো যাত্ৰীৰ ৰূপত লীলাবাৰীলৈ যাত্ৰা কৰে ।

বৰঝাৰ আৰু লীলাবাৰীৰ মাজত বিমান সেৱা আৰম্ভ

আনহাতে ইয়াৰ উপলক্ষে বৰঝাৰৰ বিমানবন্দৰত আয়োজিত এক অনুষ্ঠানত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, ফ্লাইবিগৰ পৰিচালন সঞ্চালক কেপ্তেইন সঞ্জয় মাণ্ডাডিয়াকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । সপ্তাহৰ চাৰিদিন ক্ৰমে মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে গুৱাহাটী আৰু লীলাবাৰীৰ মাজত চলাচল আৰম্ভ হোৱা ৭২ খন আসনযুক্ত বিমানখন গুৱাহাটীৰ পৰা বিয়লি ৪.৪০ বজাত উৰা মাৰিব আৰু সন্ধিয়া ৫.২৫ বজাত লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰিব ।

বৰঝাৰ আৰু লীলাবাৰীৰ মাজত বিমান সেৱা আৰম্ভ

একেদৰে মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে সন্ধিয়া ৫.৫০ বজাত লীলাবাৰী বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰি ৬.৪০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব । উল্লেখ্য যে, গুৱাহাটী-লীলাবাৰীৰ মাজত পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ ফলত উত্তৰ অসমকে ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এক বৃহৎ অঞ্চল উপকৃত হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :কি কি নতুন সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?

ABOUT THE AUTHOR

...view details