অসম

assam

By

Published : Jul 14, 2022, 10:31 PM IST

ETV Bharat / city

Vehicle fitness certificate: যান-বাহনৰ ফীটনেছ প্ৰমাণ-পত্ৰ নবীকৰণৰ বিলম্ব মাচুল হ্ৰাস

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সংবাদমেল যোগে যান-বাহনৰ ফীটনেছ প্ৰমাণ-পত্ৰ নবীকৰণৰ বিলম্ব মাচুল হ্ৰাসৰ কথা ঘোষণা কৰে সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে । (Late fee of vehicle fitness certificate reduced)৷

Late fee of vehicle fitness certificate reduced
Late fee of vehicle fitness certificate reduced

গুৱাহাটী, 14 জুলাই: ক'ভিড-১৯ সাহায্য হিচাপে যান-বাহনৰ ফীটনেছ প্ৰমাণ-পত্ৰ নবীকৰণৰ বিলম্ব মাচুল (Late fee of vehicle fitness certificate) হ্ৰাসৰে পৰিবহন খণ্ডত সকাহ দিছে অসম চৰকাৰৰ পৰিবহন বিভাগে । সেই অনুসৰি ১৫ জুলাই অৰ্থাৎ শুকুৰবাৰৰ পৰা তিনিচকীয়া বাহন, বাণিজ্যিক ট্ৰেক্টৰ, চাৰিচকীয়া বাহন, গধুৰ বাণিজ্যিক বাহনৰ বিলম্ব মাচুল হ্রাস কৰা হৈছে । এই সুবিধা তিনি মাহ পৰ্যন্ত থাকিব (Fitness certificate Renewal)।

যান-বাহনৰ ফীটনেছ প্ৰমাণ-পত্ৰ নবীকৰণৰ বিলম্ব মাচুল হ্ৰাস পৰিবহণ বিভাগৰ

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক সংবাদ মেল যোগে এই কথা সদৰী কৰে সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে । সেয়ে ফীটনেছ প্ৰমানপত্ৰৰ বৈধতা নথকা বাহনৰ গৰাকীক ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বিশেষ সুবিধা গ্ৰহণ কৰি বাহন সমূহৰ সক্ষম তাৰ প্ৰমাণ পত্ৰ লগত ৰাখিবলৈ আহ্বান জনায় (Late fee of vehicle fitness certificate reduced)।

উল্লেখ্য যে, তিনিচকীয়া বাহন, বাণিজ্যিক টেক্টৰ, চাৰিচকীয়া বাহন, গধুৰ বাণিজ্যিক বাহনকে ধৰি অন্যান্য ক্ষেত্ৰৰ বাহনৰ বিলম্ব মাচুল ৫০ টকাৰ পৰিৱৰ্তে ক্রমে ১০ টকা, ১৫ টকা, ২০ টকা আৰু ২৫ টকা ধার্য কৰা হৈছে । ইফালে এই শুভ সংবাদ লাভ কৰি একাংশ অ’টো চালকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে গুৱাহাটীত এক বিশাল ৰেলীও উলিয়ায় ।

লগতে পঢ়ক :যান-বাহনৰ ফীটনেচ চাৰ্টিফিকেটৰ লেট ফীজ হ্ৰাস চৰকাৰৰ

ABOUT THE AUTHOR

...view details