মৰাণ, 24 জানুৱাৰী : চৰকাৰৰ নিৰ্দেশত বিগত দিনকেইটাত আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই কেইবা শতাধিক মাটিৰ দালাল, দুৰ্নীতিগ্ৰস্ত মণ্ডলক আটক কৰাৰ পিছতো এতিয়াও গা লৰা নাই একাংশ লাট মণ্ডলৰ ৷ এইবাৰ ডিব্ৰুগড়ত চলিল দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ বিৰুদ্ধে অভিযান ৷ ডিব্ৰুগড় আৰক্ষীৰ হাতত আটক হ'ল এজন লাট মণ্ডল (Police arrested lat mandal at Dibrugarh) ৷ দেওবাৰে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে ডিব্ৰুগড় চক্ৰ বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল বিভূতি ভূষণ কৰ্মকাৰক (Dibrugarh Police arrest corrupt Lat Mandal) ৷
ঘটনা অনুসৰি, ভিন্ন দুৰ্নীতিৰ লগত জড়িত থকাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত পঞ্জীভূত 25/22 নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইনৰ 409 ধাৰাত rw section 7 PC Act ৰ অধীনত দুৰ্নীতিত লিপ্ত কৰ্মচাৰীজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।