গুৱাহাটী,২ জুন: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে বৃহস্পতিবাৰে অভূতপূৰ্ব সফলতা লাভ কৰে কামৰূপ আৰক্ষী আৰু নাৰ্কোটিক কণ্ট্ৰ’লছ ব্যুৰই (এন চি বি)। ডিমাপুৰৰ পৰা বৃহৎ পৰিমাণৰ মৰ্ফিন কঢ়িওৱা এখন জিপছি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে (Morphine was carried in Gypsy) ।
গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত আৰক্ষীয়ে মৰ্ফিনসহ বাহনখন জব্দ কৰে । জিপছিখনৰ দুৱাৰৰ ভিতৰত লুকুৱাই অনা এই ড্ৰাগছ সন্দৰ্ভত গোপন তথ্য লাভ কৰিছিল এন চি বিয়ে । এ এছ-০১-এফ এ-৪৬১৭ নম্বৰৰ জিপছিখনত ১৬.৭৭ কেজি মৰ্ফিন সৰবৰাহ কৰিছিল দুই সৰবৰাহকাৰীয়ে (Morphine suppliers arrested) । তেওঁলোক হ’ল ক্ৰমে বিহাৰৰ অনন্তজিৎ ৰায় আৰু বৰপেটাৰ নুৰ মহম্মদ ।