গুৱাহাটী, ১৫ জানুৱাৰী: গুৱাহাটীকে ধৰি ৰাজ্যত চৰকাৰী মাটিৰ মূল্যবৃদ্ধি প্ৰায় অৱশ্যম্ভাৱী হৈ পৰিছে (Hike in land prices in Assam)৷ এক কথাত ক’বলৈ গ’লে অনতিবিলম্বে চৰকাৰে বিচৰা ধৰণেই ৰাজ্যত বৃদ্ধি হ’ব মাটিৰ চৰকাৰী মূল্য (Assam Government has fixed new Circle wise land prices)। চৰকাৰী মাটিৰ মূল্যবৃদ্ধিৰ ফলত খাজনা আৰু মাটি, ফ্লেটৰ পঞ্জীয়ন তথা দামো আকাশলংঘী হ’ব । কিন্তু ইয়াৰ পাছতো ৰাজ্যত এইপৰ্যন্ত হোৱা নাই বিষয়টোকলৈ কোনো প্ৰতিবাদ । কোনেও সংঘবদ্ধভাৱে ইয়াৰ বিৰূদ্ধে জনমত সৃষ্টিৰো চেষ্টা কৰা নাই ।
মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা ৰাজহুৱা শুনানি সোমবাৰে অন্ত পৰে । এই শুনানিত গুৱাহাটীত চৰকাৰী মাটিৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি গুৱাহাটী ভূমি সংস্কাৰ কমিটীয়েহে মাত্ৰ এখন স্মাৰক-পত্ৰ দাখিল কৰে । কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জনোৱা মতে, কমিটীৰ আবেদন পৰীক্ষা হ’ব আৰু দুই-এদিনতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।
উল্লেখ্য যে, ৰাজ্যৰ ৰাজহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে অলপতে এখন চৰকাৰী জাননী জাৰি কৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তক জনেলভিত্তিক মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । ৰাজহ বিভাগৰ সেই নিৰ্দেশৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই গুৱাহাটী মহানগৰীৰ পাঁচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত নতুনকৈ মাটিৰ চৰকাৰী মূল্যৰ খচৰা প্ৰকাশ কৰি জাননী প্ৰকাশ কৰিছিল । এই খচৰাত ৭০০-৯০০ শতাংশ পৰ্যন্ত মাটিৰ চৰকাৰী মূল্যবৃদ্ধিৰ প্ৰস্তাৱ দিয়া হয় ।
মাটিৰ চৰকাৰী মূল্য বৃদ্ধি সন্দৰ্ভত ৰাইজৰ কিবা ওজৰ আপত্তি থাকিলে ১০ জানুৱাৰীৰ ভিতৰত জিলা উপায়ুক্তক লিখিতভাৱে জনাব পাৰিব বুলি জাননীত উল্লেখ আছিল । লক্ষণীয় যে, ৰাজহ বিভাগৰ প্ৰধান সচিবে চলিত জানুৱাৰীৰ পৰাই চৰকাৰী মাটিৰ মূল্য বৃদ্ধি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল । কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা ২০২০-২১ বৰ্ষৰ ভূমিৰ জনেল ভেল্যু ৰিপ’ৰ্টত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, মূলপথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু মূল পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত, গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ ভিতৰত আৰু গড়কাপ্তানি পথৰ পৰা ১০০ মিটাৰৰ বাহিৰত ইত্যাদি শ্ৰেণীত মাটিৰ চৰকাৰী মূল্য নতুনকৈ নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়ে । সেই অনুসৰি আজৰাৰ দক্ষিণৰাণী মৌজাৰ কৃষিভূমিৰ চৰকাৰী মূল্য ৭০০-৯০০ শতাংশ বৃদ্ধি কৰা হৈছে ।