অসম

assam

ETV Bharat / city

অসমৰ খিলঞ্জীয়ালৈ ভূমি পট্টা প্ৰদান - অসমৰ খিলঞ্জীয়ালৈ ভূমি পট্টা প্ৰদান

অসম চৰকাৰে অহা 28 জানুৱাৰীত ৰাজ্যৰ 40 সহস্ৰাধিক লোকক ভূমি পট্টা প্ৰদান কৰিব বুলি বৃহস্পতিবাৰে বিয়লি ঘোষণা কৰে ৷

অসমৰ খিলঞ্জীয়ালৈ ভূমি পট্টা প্ৰদান
অসমৰ খিলঞ্জীয়ালৈ ভূমি পট্টা প্ৰদান

By

Published : Jan 2, 2020, 10:18 PM IST

গুৱাহাটী, 2 জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰথম দিনটোতে সাংবাদিকসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰিছিল ৷ এই অনুষ্ঠানৰ মাজতেই মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ বাবে ভাল খবৰৰ কথা ঘোষণা কৰিছিল ৷ খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰৰ বাবে চৰকাৰে জানুৱাৰী মাহৰ ভিতৰতেই ভাল খবৰ দিয়াৰ আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷

জনতা ভৱনত ৰাজহ বিভাগৰ বিষয়া কৰ্মীৰ সৈতে মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী

বৃহস্পতিবাৰে বিয়লি চৰকাৰে ঘোষণা কৰিছে খিলঞ্জীয়াৰ ভূমিপট্টা ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত জনতা ভৱনত ৰাজহ মন্ত্ৰী ভৱেশ কলিতাৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷ বিভাগটোৰ কাম-কাজ পৰ্যালোচনা কৰাৰ পিচতেই অহা 28 জানুৱাৰীত ৰাজ্যৰ 40 সহস্ৰাধিক লোকক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব বুলি চৰকাৰীভাৱে ঘোষণা কৰা হয় ৷

লগতে পঢ়কঃ মহানগৰীৰ গৰকাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰঞ্জিত দাসৰ সংবাদমেল

ABOUT THE AUTHOR

...view details