অসম

assam

By

Published : Oct 29, 2020, 9:39 PM IST

ETV Bharat / city

কৰ'ণা ত্ৰাসৰ মাজতে মহানগৰীত লক্ষ্মী পূজাৰ আয়োজন

কৰ'ণা ত্ৰাসৰ মাজতে মহানগৰীত লক্ষ্মী পূজাৰ আয়োজন ৷ কিন্তু বজাৰত গ্ৰাহকৰ ভিৰ কম হোৱাত চিন্তিত ব্যৱসায়ী ৷

Laksmi Puja preparation in Ghy amid Coronavirus
কৰ'ণা ত্ৰাসৰ মাজতে মহানগৰীত লক্ষ্মী পূজাৰ আয়োজন

গুৱাহাটী, 29 অক্টোবৰ :প্ৰশাসনে বান্ধি দিয়া ক'ভিড প্ৰট'কল অনুসৰি ৰাজ্যবাসীয়ে পালন কৰিলে দুৰ্গা পূজা । এনে কৰ'ণাতংকৰ মাজতে শুকুৰবাৰে ৰাজ্যবাসীয়ে পালন কৰিব ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা ৷ দেৱী মহালক্ষ্মীৰ আৰাধনাৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ ৷

কৰ'ণা ত্ৰাসৰ মাজতে মহানগৰীত লক্ষ্মী পূজাৰ আয়োজন

ক'ভিড প্ৰটকল মানি দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত ৷ দেৱী মহালক্ষ্মীৰ পূজা-অৰ্চনাৰ বাবে মহানগৰীৰ বিভিন্ন বজাৰত শ্ৰীশ্ৰী লক্ষ্মী দেৱীৰ বিভিন্ন মূৰ্তি, ভিন্ন বৰণৰ চাকি, গেঁৰ ধৰা ধানৰ ঠোক আদিৰে ভৰি পৰিছে ৷ কিন্তু কৰ'ণা ত্ৰাসৰ ফলত বজাৰত নাই পূৰ্বৰ দৰে গ্ৰাহকৰ ভিৰ ৷ গ্ৰাহকৰ অপেক্ষাত এতিয়া মূৰে-কপালে হাত দিছে পদপথৰ ব্যৱসায়ীয়ে ৷

লগতে পঢ়ক :চাকৰি নিযুক্তি : নিৰ্বাচনত বিপদত বিজেপি !

ABOUT THE AUTHOR

...view details