অসম

assam

ETV Bharat / city

বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি - Assam agricultural land

বৰ্তমান ৰাজ্যত লাহে লাহে হ্ৰাস পাই আহিছে কৃষিভূমি ৷ বিগত চাৰি বছৰত সৰ্বাধিক কৃষিভূমি সংকুচিত হৈছে লখিমপুৰ জিলাত । চৰকাৰী তথ্য অনুসৰি বৰ্তমান মুঠ কৃষিভূমিৰ পৰিমাণ 27, 73,855 হেক্টৰ ৷

lakhs-of-agricultural-land-in-the-state-has-been-receded-in-the-last-four-years
বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

By

Published : Nov 14, 2021, 2:24 PM IST

গুৱাহাটী , 14 নৱেম্বৰ :অসম কৃষি প্ৰধান ৰাজ্য । ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকেই কৃষিকাৰ্যৰ ওপৰত নিৰ্ভৰশীল । কিন্তু বৰ্তমান ৰাজ্যত লাহে লাহে হ্ৰাস পাই আহিছে কৃষিভূমি ৷ বিশেষকৈ ৰাজ্যখনৰ 14খনকৈ জিলাত প্ৰতি বছৰে ব্যাপক হাৰত সংকুচিত হৈ আহিছে কৃষিভূমি । মূলতঃ বান-খহনীয়াৰ ফলত লগতে উন্নয়নমূলক কাম-কাজসমূহৰ নির্মাণ কাৰ্যৰ বাবেই ৰাজ্যখনত ক্ৰমাৎ হ্ৰাস পাইছে কৃষিভূমি ।

চৰকাৰী তথ্য অনুসৰি 2015-16 বিত্তীয় বৰ্ষত ৰাজ্যখনত থকা কৃষিভূমিৰ পৰিমাণ আছিল 28,01,472 হেক্টৰ । কিন্তু এটা বছৰৰ পাচতে অৰ্থাৎ 2016-17 বিত্তীয় বৰ্ষত 27,617 হেক্টৰ ভূমি হ্ৰাস পোৱাত মুঠ কৃষিভূমিৰ পৰিমাণ হ'লগৈ 27, 73,855 হেক্টৰ ।

বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

একেদৰে 2017-18 বৰ্ষত এই ভূমিৰ পৰিমাণ আৰু অধিক হ্ৰাস পাই 27,22,530 হেক্টৰ, 2018-19 বৰ্ষত 27,23,466 হেক্টৰ আৰু 2019-20 বৰ্ষত উদ্বেগজনকভাৱে 23,999 হেক্টৰ হ্ৰাস পোৱাত বৰ্তমান মুঠ কৃষিভূমিৰ পৰিমাণ হ'লগৈ 26,99,467 হেক্টৰ ।

জানিব পৰা মতে বিগত চাৰি বছৰত সৰ্বাধিক কৃষিভূমি সংকুচিত হৈছে লক্ষীমপুৰ জিলাত । উক্ত জিলাখনত 2015-16 বিত্তীয় বৰ্ষত 1,12,918হেক্টৰ কৃষিভূমি আছিল যদিও বিগত চাৰি বছৰত 17,918 হেক্টৰ ভূমি হ্ৰাস পায় ৷ ইয়াৰোপৰি 2019-20 বিত্তীয় বৰ্ষত মুঠ কৃষিভূমিৰ পৰিমাণ হয়গৈ 94,725 হেক্টৰ ৷

আনহাতে, এই সময়ছোৱাত শোণিতপুৰ জিলাত 13,459 হেক্টৰ, নগাঁও জিলাত 13,314হেক্টৰ, কামৰূপ (গ্ৰাম্য) জিলাত 7,229হেক্টৰ, কাছাৰ জিলাত 14,843, যোৰহাট জিলাত 9,936হেক্টৰ, গোৱালপাৰা জিলাত 8171 হেক্টৰ কৃষিভূমি হ্ৰাস পাইছে ।

বিগত চাৰিবছৰত হ্ৰাস পালে ৰাজ্যৰ লক্ষাধিক কৃষিভূমি

মন কৰিবলগীয়া কথা যে, ৰাজ্যখনৰ অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল । পিছে আজিও ৰাজ্যৰ চহা কৃষক ৰাইজে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি কৰি আহিছে । ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ ভিতৰত মাত্ৰ 5,47,481 হেক্টৰ ভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে । পিছে জলসিঞ্চনৰ আঁচনিসমূহৰ প্ৰায়বোৰ আঁচনিৰেই পানী দিব পৰাকৈ সক্ষম নহয় ।

এনে পৰিস্থিতিত কৃষকসকলে বাৰিষা কালত ধান খেতি কৰিয়েই বছৰটো পাৰ কৰিবলগীয়া হয় । আনহাতে, প্ৰতিবছৰে অহা বানৰ ফলতো ৰাজ্যখনৰ বৃহৎ পৰিমাণৰ কৃষিভূমিৰ ক্ষতি হৈ আহিছে । ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা খহনীয়াৰ বাবেও নদীৰ বুকুত জাহ গৈছে বছৰি হাজাৰ হাজাৰ হেক্টৰ ভূমি ।

লগতে পঢ়ক :Assam's Methanol Project : অসমে দখল কৰিব ভূটান, নেপাল আৰু বাংলাদেশৰ বজাৰ

ABOUT THE AUTHOR

...view details