অসম

assam

ETV Bharat / city

হালধি খেতিৰ পথাৰলৈ পশ্চিম জয়ন্তীয়া পাহাৰ-গাৰো পাহাৰৰ শ্ৰমিক - পদ্মশ্ৰী ট্ৰিনিটি ছাও

মেঘালয়েই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ কৃষি খণ্ডলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এবিধ হালধি খেতিয়ে (Meghalaya farmers grow lakadong turmeri) ৷ এই হালধিবিধত থকা কুৰকুমিনৰ পৰিমাণ আন আন সাধাৰণ হালধিতকৈ যথেষ্ট বেছি ৷ সম্প্ৰতি মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ জিলাত এই হালধিবিধৰ উৎপাদন যথেষ্ট বেছি (Lakadong turmeric in meghalaya ) ৷ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

lakadong-turmeric-infuse-hope-among-poor-farmers-in-meghalaya
হালধি খেতিৰ খেতিপথাৰলৈ পশ্চিম জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰৰ শ্ৰমিক

By

Published : May 12, 2022, 9:48 PM IST

Updated : May 12, 2022, 10:13 PM IST

গুৱাহাটী, 12 মে’:এবিধ মূল্যৱান শস্যৰ খেতিয়ে যুগান্তকাৰী পৰিৱৰ্তনৰ ‌‌মাজেৰে নতুন জীৱন দিবলৈ আগবাঢ়িছে হাজাৰ হাজাৰ শ্ৰমিক-কৃষকক । মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ কয়লা খনিৰ শ্ৰমিক হিচাপে দুৰ্বিষহ জীৱন পাৰ কৰা শ্ৰমিকে এতিয়া ঢাপলি মেলিছে হালধিৰ খেতিৰ পথাৰলৈ । কেৱল মেঘালয়েই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ কৃষি উদ্যোগলৈ ই এক আশাৰ ৰেঙণি হিচাপে চিহ্নিত হৈছে ৷

পশ্চিম জয়ন্তীয়া পাহাৰৰ লাকাডাং নামৰ গাঁওখনত পোৱা এই বিশেষ হালধিবিধ এতিয়া জগত বিখ্যাত । এই হালধিবিধৰ নাম লাকাডাং হালধি (Lakadong turmeric in meghalaya) ৷ লাকাডাঙত থকা কুৰকুমিনৰ পৰিমাণ ইমানেই বেছি যে ভেষজ তথা কৃষি বিজ্ঞানীৰ বাবেও ই হৈ পৰিছে এক আশ্বৰ্যকৰ বিষয় । উল্লেখ্য যে, হালধিত উপলব্ধ কুৰকুমিন হ'ল কেন্সাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থকা এবিধ অতি মূল্যৱান ভেষজ ।

গৱেষণা অনুসৰি, সাধাৰণ জাতৰ হালধিত কুৰকুমিনৰ পৰিমাণ 2 বা 3 শতাংশহে থাকে যদিও লাকাডাং হালধিত থকা কুৰকুমিনৰ পৰিমাণ হ'ল 7.4 শতাংশ । এনে বৃহৎ পৰিমাণৰ কুৰকুমিন থকা হালধি এই পৰ্যন্ত বিশ্বৰ কোনো স্থানতে উপলব্ধ নহয় ।

হালধি খেতিৰ খেতিপথাৰলৈ পশ্চিম জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰৰ শ্ৰমিক

লগতে পঢ়ক :২৩ হাজাৰ নিযুক্তিৰ বাবে সাজু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

মনকৰিবলগীয়া যে, পশ্চিম জয়ন্তীয়া পাহাৰ (West Jaintia hills farmers grow Lakadong turmeric) আৰু গাৰো পাহাৰ জিলাত লাকাডাং যথেষ্ট পৰিমাণে উৎপাদন হয় (Garo hills farmers grow Lakadong turmeric) ৷

লাকাডাং হালধিত থকা কুৰকুমিনৰ পৰিমাণ সন্দৰ্ভত ইতিমধ্যে বহুত আলোচনা হৈছে ৷ 2015 চনত এই লাকাডাং হালধিবিধে জিঅ'গ্ৰাফিকেল আইডেনটিটি টেগো লাভ কৰিছে । তাৰ সমান্তৰালকৈ মেঘালয় চৰকাৰে লাকাডাং মিছনো আৰম্ভ কৰিছে ।

গুৰুত্বপূৰ্ণ যে, এই জগত বিখ্যাত মহা মূল্যৱান লাকাডাং হালধি খেতিত শেহতীয়াকৈ মনোনিৱেশ কৰিছে কেইবাহাজাৰো শ্ৰমিক কৃষকে । লাকাডাং মিছনে ই টিভি ভাৰতক জনোৱা মতে, জয়ন্তীয়া পাহাৰৰ কয়লা খনিত মুক্ত খননৰ কামত দশকৰ পিছত দশক ধৰি হাজিৰা কৰি অতি দুৰ্বিষহ জীৱন কটোৱা শ্ৰমিকসকলে এতিয়া একেখন পাহাৰৰ বুকুত লাকাডাং প্ৰজাতিৰ হালধি খেতি আৰম্ভ কৰিছে (Meghalaya farmers grow lakadong turmeric) ।

লগতে পঢ়ক :৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে বিটিচিৰ এটা সমষ্টিৰ উপ-নিৰ্বাচন

মিছনৰ এক বিবৃতি অনুসৰি, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে 2014 চনত মেঘালয়ত কয়লাৰ মুক্ত খনন নিষিদ্ধ ঘোষণা কৰাৰ পাছত ৰাজ্যখনৰ কেইবাহাজাৰো শ্ৰমিক কৰ্মহীন হৈ পৰিছিল । ফলত উপায়বিহীন হৈ পৰিছিল এই শ্ৰমিকসকল ।

তাৰ পিছত শেহতীয়াকৈ এই শ্ৰমিকসকলে নিজৰ নিজৰ কৃষিভূমিৰ লগতে ৰাজহুৱা কৃষিভূমিত লাকাডাঙৰ খেতি আৰম্ভ কৰে (Lakadong turmeric infuse hope among farmers) । জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈ পৰা লাকাডাং হালধিৰ আজিৰ তাৰিখত বজাৰ মূল্য হ'ল 94.3 নিযুত ডলাৰ ।

ইফালে এই পৰ্যন্ত মেঘালয়ৰ 1898 হেক্টৰ ভুমিতহে এই বিধ হালধিৰ খেতি কৰা হৈছে । ইয়াৰ উৎপাদন হৈছে 16000 টন । ইয়াৰে 72 শতাংশ উৎপাদন হয় পশ্চিম জয়ন্তীয়া পাহাৰত আৰু 28 শতাংশ উৎপাদন হয় গাৰো পাহাৰ জিলাত ।

লগতে পঢ়ক :অসমত বৃদ্ধি পাইছে ৰক্তহীনতাত আক্ৰান্তৰ সংখ্যা

সম্প্ৰতি এইবিধ হালধিৰ চাহিদা বিশ্বৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱাৰ পিছত লাকাডাং মিছনে 2023 চনৰ ভিতৰত 50000 মেট্ৰি’ক টন লাকাডাং হালধি উৎপাদন কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই বছৰ 11832 টন হালধি উৎপাদন কৰা হৈছে ৷

আনহাতে, মেঘালয়ত কৃষক শ্ৰমিকসকলক আত্মসহায়ক গোটৰ মাধ্যমেদি লাকাডাং হালধি উৎপাদনৰ বাবে উৎসাহিত কৰিছে পদ্মশ্ৰী ট্ৰিনিটি ছাওৱে । উন্নয়নমূলক কামৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা ট্ৰিনিটি ছাওৱে নিজেই এই খেতিত নামি তেওঁৰ লগত 900 গৰাকী শ্ৰমিক-কৃষকক নতুনকৈ জড়িত কৰাইছে । সম্প্ৰতি প্ৰায় এহাজাৰ বিঘা ভূমিত এই গোটটোৱে লাকাডাং হালধিৰ খেতি আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । ‌

লগতে পঢ়ক :খিলঞ্জীয়া মুছলমানক শংকিত হ’ব দিয়া নহ’ব : জয়ন্তমল্ল বৰুৱা

Last Updated : May 12, 2022, 10:13 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details