গুৱাহাটী, 28 নৱেম্বৰ : গুৱাহাটী মহানগৰখন পৰিষ্কাৰ কৰি ৰখাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ স্থায়ী চাফাই কৰ্মীৰ অভাৱ (Shortage of sanitation workers in GMC) । এই অভিযোগ সদৌ অসম হৰিজন মজদুৰ ইউনিয়নৰ । ইউনিয়নৰ সাধাৰণ সম্পাদক দীননাথ বাচফৰে কয় যে, গুৱাহাটীত মূল নলাসমূহক বাদ দি 2005-06 চনৰ তথ্যৰ ভিত্তিত 3,539 টা উপ নলা থকাৰ লগতে 2012-13 চনৰ তথ্যমতে মূল পথক বাদ দি 2,032 টা উপপথ আছে । ইয়াৰ সংখ্যা বৰ্তমান বৃদ্ধি পাইছে । কিন্তু তাৰ পৰিৱৰ্তে গুৱাহাটী পৌৰ নিগমৰ প্ৰায় 300-350 স্থায়ী চাফাই কৰ্মচাৰী আছে । আনহাতে অস্থায়ী চাফাই কৰ্মচাৰী আছে প্ৰায় 600 গৰাকী ।
এই কৰ্মচাৰীখিনিৰে মহানগৰখন পৰিষ্কাৰ কৰি ৰখা সম্ভৱ নহয় (Cleaning of Guwahati city)। সেয়েহে গুৱাহাটী পৌৰ নিগমত ষ্টাফিং পেটাৰ্ণ অনুযায়ী নিযুক্তি প্ৰদান কৰা, চাফাই কামত হৰিজন সম্প্ৰদায়ৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনাইছে সদৌ অসম হৰিজন মজদুৰ ইউনিয়নে । এই বিষয়ে বাৰম্বাৰ গুৱাহাটী পৌৰ নিগমক দাবী জনাই আহিছে যদিও বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে ইউনিয়নৰ সাধাৰণ সম্পাদক দীননাথ বাচফৰে ।