গুৱাহাটী, 9 নৱেম্বৰ :ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ন কৰিছে যদিও এতিয়াও বহু চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱ হৈ আছে ৷ চৰকাৰী খণ্ডৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰসমূহত বৰ্তমানেও 5686 গৰাকী চিকিৎসকৰ প্ৰয়োজন ।
কাগজে-পত্ৰই সকলো চিকিৎসা কেন্দ্ৰত চিকিৎসক থকা বুলি ৰাজ্য চৰকাৰে দাবী কৰি আহিছে যদিও জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ বিষয়াই একোজন চিকিৎসকক এখনতকৈ অধিক চিকিৎসালয়ৰ দায়িত্বত নিয়োজিত কৰি কোনোমতে স্বাস্থ্য কেন্দ্ৰসমূহ পৰিচালনা কৰিছে । ফলত চিকিৎসক অবিহনে চলিব লগা হৈছে বহু স্বাস্থ্য কেন্দ্ৰ । কোনো কোনো স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অভাৱত সপ্তাহত মাত্ৰ দুই-তিনিদিনকৈ সেৱা আগবঢ়োৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ৰাজ্যত বছৰত প্ৰায় 1000 গৰাকী নতুন চিকিৎসক নিয়োগ কৰাৰ পথ প্ৰশস্ত হোৱাৰ পিছতো প্ৰয়োজনীয় চিকিৎসকৰ পদবোৰ পূৰণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে ৷ তথ্য অনুসৰি, অসমৰ চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহত এই পর্যন্ত চৰকাৰে সৃষ্টি কৰা চিকিৎসা বিষয়াৰ পদৰ সংখ্যা হ'ল 4420 টা । অর্থাৎ 5686 টা পদৰ পৰিৰ্ৱতে 4420 টা পদহে এতিয়া চৰকাৰে সৃষ্টি কৰিছে ।
লক্ষণীয় বিষয় যে চৰকাৰে সৃষ্টি কৰা পদকেইটাটো এতিয়ালৈকে চিকিৎসক নিয়োগ কৰা নাই । আজিৰ তাৰিখলৈকে ৰাজ্য়ত 1382 টা পদেই খালী হৈ আছে । এইপর্যন্ত মাত্ৰ 3038 গৰাকী চিকিৎসককহে চৰকাৰী চিকিৎসালয়কেইখনত নিযুক্তি প্ৰদান কৰা হৈছে । 330 গৰাকী চিকিৎসক নতুনকৈ নিযুক্তিৰ বাবে বাছনি কৰাৰ বহু দিন হ'ল ৷ কিন্তু আজিলৈকে চৰকাৰে নিযুক্তি দিয়া নাই এইসকল চিকিৎসকক ৷ কি কাৰণত বাছনি কৰা 330 গৰাকী চিকিৎসকক এতিয়ালৈকে নিযুক্তি দিয়া নাই সেই সন্দৰ্ভত চৰকাৰ বা স্বাস্থ্য বিভাগে বৰ্তমানলৈকে কোনো কথা সদৰী কৰা নাই । যাৰ ফলত সমস্যাত পৰিছে প্ৰত্যেকখন জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিষয়াসকল ।