গুৱাহাটী, ১৯ নৱেম্বৰ :তিনিখন কৃষি আইন বাতিলৰ দাবীত দিল্লীত বছৰ জুৰি চলা কৃষক আন্দোলনে অৱশেষত ন্যায্যতা লাভ কৰিবলৈ সক্ষম হ'ল । কৃষক আন্দোলনৰ এই সফলতাকলৈ উৎফুল্লিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । অশেষ ত্যাগ-কষ্ট স্বীকাৰ কৰি ৰ’দ-বতাহ-বৰষুণ নেওঁচি কৰা এই আন্দোলন ইতিহাসৰ পাততেই এক বিৰল ঘটনা হিচাপে ৰৈ যাব বুলি মত প্ৰকাশ কৰি সংগঠনটোৱে গুৱাহাটীৰ গান্ধীবস্তিস্থিত মুখ্য কার্যালয়ত এক বিজয় উৎসৱৰ আয়োজন কৰে ।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি দেৱেন শৰ্মাই সংবাদমেলত জনতা যদি ঐক্যবদ্ধ হৈ থাকে তেন্তে চৰকাৰৰ যিকোনো সিদ্ধান্ত ওফৰাই পেলাবলৈ সক্ষম হয় বুলি মত পোষণ কৰে । তেওঁ লগতে কয় যে, কৃষকৰ আন্দোলনৰ পৰা শিক্ষা লৈ অসমীয়া ভাইসকল ওলাই আহক, যি অসমক ভাল পায় বা যি অসমীয়া জাতিক, ভাষা-সংস্কৃতিক ভাল পায়, সকলোৱে মিলি ব্যাপক 'কা' বিৰোধী আন্দোলন গঢ়ি তোলক । যাতে অসমৰ পৰা 'কা' বাতিল কৰিবলৈ চৰকাৰ বাধ্য হয় । আনহাতে সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় য়ে, ‘সমগ্ৰ অসম তথা দেশজুৰি 'কা' বিৰোধী আন্দোলন গঢ় লৈ উঠিছিল । কিন্তু শাসকীয় পক্ষই গৃহীত হোৱা এখন আইন বাতিল কৰিব নোৱাৰি বুলি কৈছিল । কিন্তু আজিৰ দিনটোৰ পৰা এই কথা কেতিয়াও মানি লোৱা নহ’ব । সমগ্ৰ জাতীয় দল-সংগঠন সমূহলৈ আহ্বান জনাই তেওঁ কয় যে ক’লা আইন ‘কা' বাতিল কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব । কৃষকসকলৰ পৰা শিকিব লাগিব অসমীয়াই ।
লগতে পঢ়ক :গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰাজয় হৈছে : শংকৰজ্যোতি বৰুৱা